NORTHEAST NOW (Assamese)
অসম

বিবাহ বিচ্ছেদে সলনি কৰি দিলে মহিলাৰ ভাগ্য; নিশাৰ ভিতৰতে হ’ল ২৪,০০০কোটি টকাৰ গৰাকী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2020 10:07 am
609b7b16142443f2432e3a9677c5e93d0efe0d0cf2e38cc10686ac0dd4d10616

সাধাৰণতে বিবাহিত জীৱনত বিবাহ বিচ্ছেদ এক বেদনাদায়ক অধ্যায় বুলি পৰিগণিত হৈ আহিছে।

তথাপি দিনক দিনে সমগ্ৰ বিশ্বত বিবাহ বিচ্ছেদৰ ঘটনা বৃদ্ধি পাই আহিছে।

ইয়াৰ মাজতে চীনত বিবাহ বিচ্ছেদক লৈ ঘটিছে এক আমোদজনক ঘটনা য’ত বিচ্ছেদৰ পাছতে এগৰাকী মহিলা নিশাটোৰ ভিতৰতে হৈ পৰিছে বিলিয়নাৰ।

ঘটনা অনুসৰি, চীনৰ এটা ভেকচিন প্ৰস্তুতকাৰী কোম্পানী ছেংঝেন কংটাই বায়’লজিকেল প্ৰডাক্টছৰ অধ্যক্ষ ড্যু বেইমিনৰ তেওঁৰ পত্নীৰ সৈতে বিচ্ছেদ ঘটে।

এই বিচ্ছেদৰ পাছত ক্ষতিপূৰণ হিচাপে তেওঁ পত্নী য়ুৱান লিপিঙক কোম্পানীটোৰ ১৬১.৩ কোটি টকাৰ শ্বেয়াৰ দিবলগীয়া হয়।

শ্বেয়াৰ ট্ৰেন্সফাৰৰ পাছত ৪৯বছৰীয়া য়ুৱান লিপিং বিশ্বৰ আটাইতকৈ ধনী মহিলা হৈ পৰে। বিচ্ছেদে লিপিঙৰ ভাগ্য সলনি কৰি দিলে।

বাতৰি অনুসৰি, শ্বেয়াৰ বজাৰৰ মূল্য অনুসৰি লিপিঙে লাভ কৰা ৩.২ বিলিয়ন ডলাৰৰ ভাৰতীয় টকাত মূল্য হ’ব ২৪,০০০কোটি টকা।

আনহাতে, স্বামী ড্যু বেইমিনৰ মুঠ সম্পত্তি ৩.১ বিলিয়ন ডলাৰ অৰ্থাৎ ২৩,২৫০কোটি টকালৈ হ্ৰাস পাইছে।

বৰ্তমান ৫৬ বৰ্ষীয় ড্যু বেইমিনে চীনৰ জিয়াংশ্বী অঞ্চলৰ এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।

ৰসায়ন বিজ্ঞানত শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ ১৯৮৭চনত এখন ক্লিনিকত কাম কৰিবলৈ আৰম্ভ কৰি ১৯৯৫চনত এটা বায়’টেক কোম্পানীৰ ছেলছ মেনেজাৰ হয়।

২০০৯চনত কংটাইয়ে মিনহাইক সামৰি লয় আৰু ড্যু বেইমিন ইয়াৰ অধ্যক্ষ হৈ পৰে। ২০০৪চনত ড্যু বেইমিনে কোম্পানী মিনহাই আৰম্ভ কৰিছিল।