NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনী ফলাফল : কংগ্ৰেছৰ প্ৰদৰ্শনত উৎফুল্লিত নেতা-কৰ্মীৰ গুৱাহাটীত আগতীয়া বিজয় উৎসৱ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 11, 2018 2:51 pm
Congress Supporters

আজি দেশৰ পাঁচখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ এই মূহুৰ্তলৈকে ৰাজস্থান, ছত্তীশগড় আৰু মধ্য প্ৰদেশত প্ৰধান বিৰোধী দল কংগ্ৰেছে গৰিষ্ঠসংখ্যক আসনতে আগবাঢ়ি থকাত উৎফুল্লিত হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা তথা কৰ্মীসকল।

কংগ্ৰেছৰ বিৰোধী দলপতি দলপতি দেবব্ৰত শইকীয়াই ৰাজ্য তিনিখনত কংগ্ৰেছৰ উত্থানত উৎফুল্লিত হৈ সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয়, ‘ভাৰতীয় জনতা পাৰ্টীৰ নীতি জনতাৰ হিতৰ কাৰণে নহয়, এয়া জনবিৰোধী নীতিহে। গতিকে ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে’।

উল্লেখ্য যে এই তিনিখন ৰাজ্যত স্বাভাৱিকভাৱে বিজেপিৰ উত্থান হোৱা পৰিলক্ষিত হয় যদিও দীৰ্ঘদিন ধৰি শাসনত থকা কংগ্ৰেছ দলে মিজোৰামত বেয়াকৈ মুখ থেকেচা খোৱা পৰিলক্ষিত হৈছে। এই প্ৰসংগত বিৰোধী দলপতি শইকীয়াৰ পৰা জানিব বিচৰাত তেওঁ কয় যে ৰাইজে পৰিৱৰ্তন বিচৰা বাবেই মিজোৰামত কংগ্ৰেছৰ পৰাজয় হৈছে।

তেওঁ লগতে কয়, ‘কংগ্ৰেছে মিজোৰামত অসমতকৈয়ো বেছিদিন শাসন চলাইছে। গতিকে ৰাইজে পৰিৱৰ্তন বিচৰাটো স্বাভাৱিক’।

আনহাতে বিজেপিয়ে এতিয়া প্ৰলোভনৰ ৰাজনীতি কৰি লোকসভা দখল কৰাৰ চেষ্টা চলাব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শইকীয়াই।

ইফালে ৰাজস্থান, ছত্তীশগড় আৰু মধ্য প্ৰদেশত শাসনাধিস্থ বিজেপি দলক তীব্ৰ প্ৰত্যাহ্বান জনাই কংগ্ৰেছ দল বহু আসনত আগবাঢ়ি থকা বাবে কংগ্ৰেছী সমৰ্থকসকলে গুৱাহাটীত ফটকা ফুটাই তথা ইজনে সিজনক মিঠাই খুৱাই হৰ্ষ উল্লাস কৰে।