NORTHEAST NOW (Assamese)
অসম

বিটিচি নিৰ্বাচন; নিৰাপত্তাৰ বুজ ল’লে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী December 1, 2020 9:42 pm

বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আজি কোকৰাঝাৰ ভ্ৰমণ কৰি অঞ্চলটোৰ নিৰাপত্তাৰ বুজ লয়।

কোকৰাঝাৰত উপস্থিত হোৱাৰ পিছতে মহন্তই উপায়ুক্ত ভাস্কৰ ফুকন, বিটিআৰ আই জি পি অনুৰাগ আগৰৱাল, আৰক্ষী অধীক ৰাকেশ ৰোশনকে ধৰি জিলাখনৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

অহা ৭ আৰু ১০ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন।

বৈঠকৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধান মহন্তই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি কৰা হৈছে।

‘বিটিআৰৰ চাৰিখন জিলাৰ স্পৰ্শকাতৰ অঞ্চল সমূহত সুৰক্ষা বৃদ্ধি কৰা হৈছে। আমি অতি স্পৰ্শকাতৰ আৰু স্পৰ্শকাতৰ অঞ্চল সমূহ চিনাক্ত কৰি উলিয়াইছো। নিৰ্বাচনৰ সময়ত ৩০টা অতিৰিক্ত বাহিনী প্ৰেৰণ কৰা হ’ব। যদি প্ৰয়োজন হয় আৰু দিয়া হ’ব’।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে লগতে হিংসাত্মক কাৰ্যকলাপ বিলোৱা লোকৰ বিৰুদ্ধে কঠোৰ হ’ব বুলিও মন্তব্য কৰে।

তেওঁ লগতে কয়, ‘বিটিআৰত যদিও শান্তি ঘূৰি আহিছে, অঞ্চলটোত হিংসাৰ ইতিহাসৰ প্ৰতি লক্ষ্য ৰাখি শান্তিপূৰ্ণ আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰাৰ বাবে সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছো’।