NORTHEAST NOW (Assamese)
দেশ

কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী অধীক্ষকৰ ৰহস্যজনক মৃত্যু : বেংগালুৰু ঘৰৰ পৰা উদ্ধাৰ ৰক্তাক্ত মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 20, 2025 9:15 pm

কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী অধীক্ষক ওম প্ৰকাশৰ ৰহস্যজনক মৃত্যুৱে কঁপাই তুলিছে সমগ্ৰ ৰাজ্য। বেংগালুৰুৰ এটা ঘৰৰ পৰা উদ্ধাৰ হৈছে এটা তেওঁৰ ৰক্তাক্ত মৃতদেহ।

উদ্ধাৰকাৰী আৰক্ষী বিষয়াই জনোৱা মতে, ঘৰৰ মজিয়া তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি আছিল তেখেতৰ মৃতদেহ। এয়া হত্যা, আত্মহত্যা নে অসুস্থতাৰ ফলত মৃত্যু হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি এই ৰহস্য উন্মোচন কৰিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে।

৬৮ বছৰীয়া আৰক্ষী বিষয়াজনৰ বেংগালুৰুৰ এইচ এছ আৰ লেআউট এলেকাত তিনি মহলীয়া ঘৰ আছে। পত্নী পল্লৱীয়ে আৰক্ষীক ফোন কৰি তেওঁৰ মৃত্যুৰ খবৰ দিয়ে। আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হয়।

ঘৰৰ পৰা উদ্ধাৰ হয় ওম প্ৰকাশৰ ৰক্তাক্ত মৃতদেহ। এই ঘটনাত পৰিয়ালৰ লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। পল্লৱী আৰু ওম প্ৰকাশৰ কন্যাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। ৰহস্য সমাধানৰ বাবে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে ১৯৮১ চনৰ বেচৰ আই পি এছ বিষয়া ওম প্ৰকাশ। ২০১৫ চনত তেওঁ কৰ্ণাটক আৰক্ষীৰ সঞ্চালক প্ৰধান (ডিজি)ৰ দায়িত্ব গ্ৰহণ কৰে। তাৰ আগতে তেওঁ অগ্নিনিৰ্বাপক বাহিনী, গৃহৰক্ষী, অস্থায়ী সেৱা বিভাগৰ দায়িত্ব চম্ভালিছিল।