NORTHEAST NOW (Assamese)
অসম

আই পি এলত ছানৰাইজ হায়দৰাবাদৰ হাতত ৭ ৰানত পৰাস্ত ধোনীৰ চেন্নাই চুপাৰ কিংগছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2020 12:01 pm

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এখন খেলত শুকুৰবাৰে ডেভিড ৱাৰ্ণাৰ নেতৃত্বাধীন ছানৰাইজ হায়দৰাবাদে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংগছক ৭ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে।

খেলখনত প্ৰথমে বেটিং কৰি ছানৰাইজ হায়দৰাবাদে দুই যুৱ ভাৰতীয় ক্ৰিকেটাৰ প্ৰিয়ম গাৰ্গ আৰু অভিষেক শৰ্মাৰ দৰ্শনীয় বেটিঙৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ১৬৪ ৰান সংগ্ৰহ কৰে।

ভাৰতীয় অনূৰ্দ্ধ ১৯ ক্ৰিকেট দলৰ পূৰ্ব অধিনায়ক প্ৰিয়ম গাৰ্গে মাত্ৰ ২৬ টা বলত ৫১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অভিষেক শৰ্মাই ৩১ আৰু মনীষ পাণ্ডে ২৯ ৰানৰ বৰঙনি যোগায়।

আনহাতে, ১৬৫ ৰানৰ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ অহা চেন্নাই চুপাৰ কিংগছে নিৰ্ধাৰিত ২০ অভাৰত ১৫৭ ৰানহে কৰিবলৈ সক্ষম হয়।

চেন্নাইৰ হৈ ৰবীন্দ্ৰ জাডেজাই সৰ্বাধিক ৫০ ৰান আৰু অধিনায়ক ধোনীয়ে ৪৭ ৰানত অপৰাজিত হৈ থাকে।

আই পি এলৰ আজিৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুই ৰাজস্থান ৰোয়েলছ আৰু দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ’ব।