NORTHEAST NOW (Assamese)
অসম

আমেৰিকা, ব্ৰাজিলৰ পাছত ভাৰতত ১ লাখতকৈ অধিক কোভিড ৰোগীৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2020 12:37 pm

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ১ লাখৰ অধিক লোকৰ মৃত্যু হোৱা বিশ্বৰ তৃতীয়খন দেশ হিচাপে পৰিগণিত হৈছে ভাৰতবৰ্ষ।

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত বৰ্তমানলৈ ১,০০,৮৪২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

আনহাতে, বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৭৯,৪৭৬ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ ফলত দেশত ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা ৬৪,৭৩,৫৪৪ গৰাকীলৈ বৃদ্ধি পায়।

উল্লেখোগ্য যে, ভাৰতত চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হোৱা লোকৰ সংখ্যাও ৫৪,২৭,৭০৬ গৰাকীলৈ বৃদ্ধি পাইছে। দেশত এতিয়া ৯,৪৪,৯৯৬ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

উল্লেখযোগ্য যে, ভাৰতৰ উপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিলত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এক লাখতকৈ অধিক লোকৰ মৃত্যু হৈছে।

বৃহস্পতিবাৰে নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পো ক’ৰ’না প’জিটিভ হৈছে ইয়াৰ পূৰ্বে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ো ক’ৰ’না প’জিটিভ হৈছিল।