NORTHEAST NOW (Assamese)
দেশ

সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰ: সন্ত্ৰাসবাদীৰ আক্ৰমণত জম্মু-কাশ্মীৰত পুনৰ দুই প্ৰব্ৰজিত শ্ৰমিক আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 13, 2022 9:01 am
2 Migrants Shot In Jammu-Kashmir

ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপে। উপত্যকাটোত নিৰন্তৰভাৱে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদ নিৰ্মূল কাৰ্যসূচী চলাই আহিছে যদিও হ্ৰাস পোৱা নাই সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ।

শেহতীয়াকৈ সেনা-আৰক্ষীৰ যুটীয়া অভিযানত উপত্যকাটোত কেইবাগৰাকীও সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে অভিযানকাৰী নিৰাপত্তাৰক্ষী বাহিনীৰ হাতত ধৰা পৰিছে। তৎসত্বেও জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত সন্ত্ৰাদবাদী সংগঠনৰ কূটাঘাতমূলক কাৰ্যকলাপ অব্যাহত আছে।

চলিত মাহৰ আৰম্ভণিতে জম্মু-কাশ্মীৰৰ অনন্তনাগত দুগৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ চাঞ্চল্য মাৰ নাযাওঁতেই জিলাখনত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত দুগৰাকী প্ৰব্ৰজিত শ্ৰমিক আহত হৈছে।

শনিবাৰে অনন্তনাগৰ ৰাখ-মমিন অঞ্চলত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত শ্ৰমিক দুগৰাকী আহত হয়। এক বিবৃতিত জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয়, “সন্ত্ৰাসবাদীয়ে অনন্তনাগৰ ৰাখ-মমিন অঞ্চলত দুগৰাকী প্ৰব্ৰজিত শ্ৰমিকক গুলীয়াই আহত কৰিছে। দুয়োগৰাকী আহত শ্ৰমিকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।”

আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ কেইগৰাকীৰ সন্ধানত নিৰাপত্তাৰক্ষীয়ে ইতিমধ্যে অঞ্চলটো ঘেৰাও কৰিছে বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰিছে। উল্লেখ্য যে যোৱা ৩ নৱেম্বৰত অনন্তনাগৰে বণ্ডিলগাম অঞ্চলত দুগৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ওপৰত গুলীচালনা কৰিছিল।

দুয়োগৰাকী শ্ৰমিকে বণ্ডিলগাম অঞ্চলৰ এখন ব্যক্তিগত বিদ্যালয়ত কাম কৰি থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছিল। আহত শ্ৰমিক দুগৰাকীৰ এগৰাকী বিহাৰৰ আৰু আনগৰাকী নেপালৰ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছিল।

বিগত সময়চোৱাত প্ৰব্ৰজনকাৰী শ্ৰমিকসকল কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। যোৱা মাহত শ্বপিয়ান জিলাত উত্তৰ প্ৰদেশৰ দুগৰাকী শ্ৰমিক সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত নিহত হৈছিল।

এই আক্ৰমণৰ ঠিক পিছতে আৰক্ষীয়ে অভিযুক্ত আক্ৰমণকাৰী ইমৰান বছিৰ গানাইক গ্ৰেপ্তাৰ কৰিছিল।কাশ্মীৰ আৰক্ষীৰ মতে ইমৰান বছিৰ গানাই লস্কৰ-ই-তৈবাৰ এগৰাকী ‘হাইব্ৰিড সন্ত্ৰাসবাদী’ আছিল।

গ্ৰেপ্তাৰ হোৱাৰ এদিন পিছতে আন এক সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত গানাই নিহত হৈছিল।