টেৰেছা ৰহমানৰ গ্ৰন্থ ‘মই ভালপোৱা বিষয়বোৰ: সংবাদ আৰু সাংবাদিকতা’ উন্মোচন

বিশিষ্ট সাহিত্যক নিৰুপমা বৰগোহাঞিয়ে শনিবাৰে গুৱাহাটীৰ আৰ্টিষ্ট গীল্ডত পূৰ্বায়ণ প্ৰকাশনৰ নতুন গ্ৰন্থ টেৰেছা ৰহমানৰ ‘মই ভালপোৱা বিষয়বোৰ: সংবাদ আৰু সাংবাদিকতা’ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
সাংবাদিকতা বিষয়ক উক্ত ব্যতিক্ৰমী গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছে বন্যা বৰুৱাই।
জ্যষ্ঠ সাংবাদিক হেমন্ত বৰ্মন, মাইনী মহন্ত, দুৰ্বা ঘোষ, মনোৰম গগৈ আৰু ধ্ৰুৱ হাজৰিকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত গ্ৰন্থখন উন্মোচন কৰি নিৰুপমা বৰগোহাঞিয়ে শিক্ষানুষ্ঠানত ছোৱালীক আত্মৰক্ষাৰ শিক্ষা দিয়াৰ প্ৰতি ৰাইজৰ লগতে চৰকাৰলৈ আহ্বান জনায়।
উক্ত অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি ‘সংবাদ মাধ্যম আৰু নাৰী: অতীত, বৰ্তমান আৰু ভৱিষ্যত’ শীৰ্ষক এক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দুৰ্বা ঘোষে আঁত ধৰা আলোচনাচক্ৰটোত সংবাদ জগতত নাৰীৰ প্ৰত্যাহ্বান, নৱপ্ৰজন্মৰ যুৱতীসকলৰ অংশগ্ৰহণ, সম্ভাৱনা আদি বিষয়ে আলোকপাত কৰা হয়।
কালিৰ এই অনুষ্ঠানটোত অসমৰ সাহিত্য আৰু সংবাদ জগতৰ কেইবাগৰাকীও ব্যক্তি উপস্থিত আছিল।