NORTHEAST NOW (Assamese)
অসম

কিছু পৰিমাণে স্বাভাৱিক তৰুণ গগৈৰ স্বাস্থ্য; বৰ্তমানো দি থাকিবলগীয়া হৈছে অক্সিজেন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 19, 2020 3:31 pm
Tarun-Gogoi-Koka-750x375

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ থকা অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য সম্পৰ্কে সাংবাদিক সকলক আজি অৱগত কৰে অভিজিত শৰ্মাই।

সাংবাদিকৰ আগত অভিজিত শৰ্মাই বৰ্তমান প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ স্বাস্থ্য কিছু পৰিমাণে উন্নত হোৱা বুলি উল্লেখ কৰিলেও বৰ্তমানো তৰুণ গগৈক অক্সিজেন দি থকা হৈছে বুলি মত প্ৰকাশ কৰে।

বৰ্তমান চিকিৎসালয়ত তৰুণ গগৈক আইন’ট্ৰপিক চাৰ্পোট দি থকাৰ লগতে তেওঁৰ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহিছে বুলি অভিজিত শৰ্মাই জানিবলৈ দিয়ে।

অক্সিজেন দি থকা অৱস্থাত তৰুণ গগৈৰ দেহত অক্সিজেনৰ পৰিমাণ ৯৪-৯৬ শতাংশৰ ভিতৰত আছে বুলিও অভিজিত শৰ্মাই কয়।

শৰীৰ দুৰ্বল হৈ থকা বাবে তৰুণ গগৈয়ে মুখেৰে কথা পাতিব পৰা নাই যদিও আকাৰে-ইংগিতে দৰকাৰী কথাবোৰ কৈ আছে বুলিও সাংবাদিকক জানিবলৈ দিয়ে শৰ্মাই।

আনহাতে, শৰ্মাই লগতে বুধবাৰে নিশা এইমচৰ চিকিৎসকৰ সৈতে অ’নলাইনত তৰুণ গগৈৰ স্বাস্থ্য সম্বন্ধেও আলোচনা কৰা হয় বুলি কয়।

প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীক প্ৰয়োজনীয় সকলো চিকিৎসা প্ৰদান কৰি থকা হোৱাৰ লগতে দৰৱ পাতিয়ো দি থকা হৈছে বুলি জনায় অভিজিত শৰ্মাই।