এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

আই পি এল আৰু অনূৰ্ধ্ব-১৯ পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰাৰ পাছত এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বৈভৱ সূৰ্যবংশী। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ শৃংখলাত ৰাণ নাপালেও জিম্বাবৱেৰ বিৰুদ্ধে দ্বিতীয়খন শৃংখলাতে তেওঁ নিজৰ চিনাকি ৰূপলৈ উভতি আহে। ১৫ বছৰ ১২১ দিন বয়সতে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰি বিশ্ব অভিলেখো গঢ়িছে বৈভৱে। এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে যে আগন্তুক বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ দলতো বৈভৱক ৰখা উচিত নেকি? এই দাবী ক্ৰমাৎ বৃদ্ধি পাইছে আৰু শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লৈ বৈভৱেও গৌৰৱেৰে কয় যে “এয়া মাথোঁ আৰম্ভণিহে।”
ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ মেচত মাত্ৰ ১৪, ১৩ আৰু ১৫ ৰাণ কৰা বৈভৱে জফ্ৰা আৰ্চাৰকে ধৰি ইংলিছ বলাৰসকলৰ ছুইং বলৰ সন্মুখত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। সেয়েহে কেৱল জিম্বাবৱেৰ বিৰুদ্ধে ৩ খন মেচত ১৫১ ৰাণ কৰাৰ ভিত্তিত তেওঁৰ দক্ষতা জুখিব পৰা যাবনে, সেয়া এক ডাঙৰ প্ৰশ্ন।
আনহাতে এদিনীয়া বিশ্বকাপৰ দলত থাকিলে অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে বৈভৱেই ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে। তেনেক্ষেত্ৰত বৰ্তমানৰ অপেনাৰ শুভমন গিলৰ স্থান ক’ত হ’ব? ইয়াৰ উত্তৰ দিছে প্ৰাক্তন ক্ৰিকেটাৰ ফাৰুখ ইঞ্জিনিয়াৰে। তেওঁৰ মতে, “ৰোহিতৰ সৈতে বৈভৱে ইনিংছ মুকলি কৰিলে দলটো বেছি সফল হ’ব। সোঁহতীয়া আৰু বাঁওহতীয়া বেটছমেনৰ যুটি এদিনীয়া ক্ৰিকেটত সদায় ফলপ্ৰসূ। বিৰাট কোহলীয়ে ৩ নম্বৰত আৰু শুভমনে ৪ নম্বৰত বেটিং কৰা উচিত।”
সমালোচকসকলৰ মতে কেৱল বেটিং দক্ষতাৰেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিকভাৱে সফল হোৱাটো সম্ভৱ নহয়। জিম্বাবৱে ভ্ৰমণত ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্বত থকা ভি ভি এছ লক্ষ্মণে স্পষ্টকৈ কৈছে যে বৈভৱে ফিটনেছ আৰু ফিল্ডিঙৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিব লাগিব লগতে ওজনো কমাব লাগিব। মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ভাৰতীয় দলত ‘ব্ৰংকো টেষ্ট’ৰ (Bronco test) দৰে কঠোৰ ফিটনেছ পৰীক্ষা প্ৰৱৰ্তন কৰিছে। সেয়েহে ফিটনেছৰ অভাৱে তেওঁক যিকোনো মুহূৰ্ততে দলৰ পৰা বাহিৰ কৰিব পাৰে।
ইয়াৰ উপৰিও ক্ৰিকেটৰ কাৰিকৰী দিশৰ লগতে বৈভৱৰ মানসিকতাক লৈও প্ৰশ্ন উত্থাপন হৈছে। ভাৰত ‘এ’ দলৰ হৈ শ্ৰীলংকা ভ্ৰমণলৈ যাওঁতে প্ৰতিপক্ষৰ খেলুৱৈৰ সৈতে তৰ্ক আৰু হতাহতিত লিপ্ত হৈছিল বৈভৱ। মেজাজ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে আই চি চিৰ মেচ ৰেফাৰীয়ে তেওঁক শাস্তি বিহাৰো পৰামৰ্শ দিছিল। শেহতীয়াকৈ জিম্বাবৱেৰ বিৰুদ্ধে তৃতীয়খন টি-২০ মেচতো ফিল্ডিং কৰাৰ সময়ত তেওঁৰ টুপীটো সৰি পৰাত, ওচৰতে থকা ছিনিয়ৰ খেলুৱৈ য়শ ঠাকুৰক টুপীটো বুটলি আনিবলৈ নিৰ্দেশ দিছিল। এনে আচৰণক বহুজনে তেওঁৰ ‘অহংকাৰ’ বা ‘দম্ভ’ বুলি তীব্ৰ সমালোচনা কৰিছে। অৱশ্যে বংগৰ প্ৰাক্তন ক্ৰিকেটাৰ স্নেহাশিষ গাংগুলী আৰু শিৱশংকৰ পালৰ দৰে খেলুৱৈয়ে বৈভৱৰ সপক্ষে মত দিছে। তেওঁলোকৰ মতে, বয়স কোনো কথা নহয়, প্ৰদৰ্শনহে আচল আৰু খেলি থাকিয়েই তেওঁ সকলো শিকি যাব।
সৰু বয়সতে শচীন তেণ্ডুলকাৰৰ কেইবাটাও অভিলেখ ভংগ কৰা বৈভৱৰ প্ৰকৃত পৰীক্ষা এতিয়াহে আৰম্ভ হ’ব। জিম্বাবৱে বৰ্তমান বিশ্ব ক্ৰিকেটৰ প্ৰথম শাৰীৰ দল নহয়। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড বা দক্ষিণ আফ্ৰিকাৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে কঠিন পিচত তেওঁ কেনে প্ৰদৰ্শন কৰে, সেয়া লক্ষণীয় হ’ব। অৱশ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (BCCI) উন্নত প্ৰশিক্ষণ ব্যৱস্থা আৰু ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ (NCA) নিৰীক্ষণত তেওঁ নিজৰ ভুল-ত্ৰুটিসমূহ শুধৰাই ভৱিষ্যতে এজন সফল ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বুলি আশা কৰা হৈছে।