NORTHEAST NOW (Assamese)

সমাগত বান, মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত অৱহেলিত কৃষকৰ দুৰ্দশা

May 28, 2018 10:30 am · মিটু খাটনিয়াৰ

স্বয়ং মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিতে অৱহেলিত হ’বলগীয়া হৈছে বান গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা কৃষক। যোৱাটো বানৰ ক্ষয় ক্ষতিৰ বাবদ এই পৰ্যন্ত ক্ষতিপূৰনৰ নামত এটকাও পাবলৈ সক্ষম হোৱা নাই মাজুলীৰ কৃষকসকল। ইফালে চলিত বৰ্ষৰ বান সমাগত। এনে পৰিস্থিতিত দৰিদ্ৰ কৃষকৰ প্ৰতি চৰকাৰৰ এনে হেমাহিয়ে হাহাকাৰ নমাই আনিছে মাজুলীৰ কৃষক পৰিয়াল সমূহলৈ।

উল্লেখ্য যে ২০১৭ বৰ্ষৰ বানত মাজুলীৰ ২২ হাজাৰ কৃষক পৰিয়াল বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৪০ হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে বালিয়ে পুতি কৃষিৰ অনুপযোগী কৰি তুলিছিল। বালিয়ে পোতা কৃষিভূমিৰ ৯৫ টা পৰিয়ালে এতিয়া কটাবলগীয়া হৈছে দুৰ্বিসহ জীৱন।

উল্লেখ্য, যোৱা বৰ্ষৰ ২৭ জুলাইত গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব ভি শশাংশ শেখৰৰ নেতৃত্বত কেন্দ্ৰীয় জল আয়োগৰ শ্বিলঙৰ মুখ্য অভিযন্তা পি এম স্কট, বিত্ত বিভাগৰ সহকাৰী সঞ্চালক বি কে মিশ্ৰ সহ এটা উচ্চস্তৰীয় দল মাজুলীত উপস্থিত হৈ বানৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে দৰিদ্ৰ কৃষকসকলক বান শুকালেই ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰিছিল।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বন মন্ত্ৰীৰ লগতে সাংসদ প্ৰদান বৰুৱাও মাজুলীত উপস্থিত হৈ ক্ষতিগ্ৰস্ত দৰিদ্ৰ কৃষক সকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি শীঘ্ৰেই ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। পিছে বৰমূৰীয়াৰ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতিয়ে হৈ থাকিল।

যোৱা বানত বালিৰে ভৰি পৰা ৪০ হেক্টৰ কৃষিভূমিৰ কৃষকসকলে এতিয়া কৃষি কৰ্মৰ পৰিবৰ্তে দিন হাজিৰাৰে পৰিয়াল পোহ পাল দিব লগা অৱস্থা হৈছে।

Related News