NORTHEAST NOW (Assamese)

সাংবাদিক কল্যাণ আঁচনিৰ অধীনত ৩১ গৰাকী সাংবাদিকলৈ চেক প্ৰদান

March 13, 2018 6:32 pm · এন ই নাও নিউজ

আজি দিচপুৰস্থিত জনতা ভৱনৰ মুখ্য মন্ত্ৰী সভাকক্ষত সাংবাদিক কল্যাণ আঁচনিৰ অধীনত বিভিন্ন ৰোগত আক্ৰান্ত ৰাজ্যখনৰ ৩১ গৰাকী সাংবাদিকলৈ  আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰা হয়।

তথ্য আৰু জনসংযোগ বিভাগৰ সৌজন্যত আয়োজিত উক্ত অনুষ্ঠানত চেক প্ৰদান কৰি মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে সাংবাদিক সকলক সমাজৰ বিবেক তথা অতন্দ্ৰ প্ৰহৰী বুলি অভিহিত কৰে।

সাংবাদিকসকলে দিন-ৰাতি একাকাৰ কৰি ‘এণ্টি ভাইৰাছৰ’ দৰে সমাজৰ অপশক্তিৰ বিৰুদ্ধে যুঁজি এখন গতিশীল সমাজ নিৰ্মাণৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াই আহিছে  কয় যে সাংবাদিকসকলৰ কল্যাণৰ বৰ্তমানৰ ৰাজ্য চৰকাৰে কৰিছে বুলি উল্লেখ কৰে।

আজিৰ অনুষ্ঠানটোত সাংবাদিক কল্যাণ আঁচনিৰ অধীনত বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ থকা ৩১ গৰাকী সাংবাদিকক সৰ্বমুঠ ৯,৭২,৩৪৩ টকাৰ চেক প্ৰদান কৰা হয়। উক্ত আঁচনিৰ অন্তৰ্গত ইতিমধ্যে ইয়াৰ পূৰ্বে ১৫০ গৰাকী সাংবাদিকে চিকিৎসা সাহায্য লাভ কৰিছে।

উল্লেখযোগ্য যে কালি ঘোষিত এইবাৰৰ বাজেটত মিডিয়া ট্ৰাষ্টৰ বাবে ১০ লাখ টকাৰ পুঁজি ধাৰ্য কৰাৰ লগতে সাংবাদিকসকলৰ পৰিয়ালৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে সাংবাদিকৰ বীমা আঁচনি গ্ৰহণৰ প্ৰস্তাৱ তথা অসমত ২০ বছৰতকৈ অধিক কাল সাংবাদিকতা কৰাসকললৈ এখন পেঞ্চন আঁচনি আৰম্ভ কৰিব খোজাৰ কথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল।

উক্ত ব্যৱস্থালী সমূহক সাংবাদিকসকলৰ প্ৰতি থকা চৰকাৰৰ সদিচ্ছাৰ পৰিচায়ক বুলি তেওঁ মন্তব্য কৰে।

চেক প্ৰদান অনুষ্ঠানটোত তথ্য আৰু জনসংযোগ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ডাঃ এ কে সিং, তথ্য আৰু জনসংযোগ বিভাগৰ সচিব চাজিদ জামান হাজৰিকা, তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা উপস্থিত আছিল।

Related News