সাংবাদিক প্রণয় বৰদলৈক পৰাগ কুমাৰ দাস সাংবাদিকতা বটাঁ প্ৰদান

জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈক শনিবাৰে পৰাগ কুমাৰ দাস সাংবাদিকতা বটাঁ প্ৰদান কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত পৰাগ কুমাৰ দাসৰ সতীৰ্থ মঞ্চই প্ৰয়াত সাংবাদিকজনৰ জন্মদিনত আয়োজন কৰা এখন সভাত সাংবাদিকজনক এই বটাঁ প্ৰদান কৰা হয়।
বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইদে বৰদলৈক এই বঁটা প্ৰদান কৰে।এই বটাঁত আছে এখন ফুলাম গামোচা, এটি ফুলৰ থোপা, এখন অভিনন্দন-পত্ৰ আৰু এটি স্মাৰকৰ লগতে নগদ ২৫ হাজাৰ টকা।
বটাঁ প্ৰদান কৰি শিক্ষাবিদ টাইডে কয়, ‘আমাৰ সমাজৰ পৰা পৰাগ কুমাৰ দাসৰ দৰে স্পষ্টবাদী, বলিষ্ঠ সাংবাদিক হেৰাই যোৱাটো দুৰ্ভাগ্যজনক। ছাত্ৰ অৱস্থাৰে পৰা মেধাৱী পৰাগে সাংবাদিকতাৰ ক্ষেত্ৰখনত সত্যনিষ্ঠতা, সামাজিক দায়বদ্ধতাৰে কাম কৰিছিল।‘’
বিশিষ্ট লেখক, বুৰঞ্জীবিদ লক্ষ্মীনাথ তামুলীয়ে সঞ্চালনা কৰা এই সভাত প্ৰথমে প্ৰয়াত সাংবাদিকজনৰ পত্নী পূৰৱী দাসে পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে।
বটাঁ গ্ৰহণ কৰি আপোচহীনভাৱে সাংবাদিকতাৰ ক্ষেত্ৰখনত কাম কৰি যাব বুলি প্ৰণয় বৰদলৈয়ে ব্যক্ত কৰে। দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুওৱা পৰাগ কুমাৰ দাসৰ হত্যাৰ ন্যায় আজিও নোপোৱাত বৰদলৈয়ে আক্ষেপ প্ৰকাশ কৰে।
অসমৰ বিগত সময়ত নিখোজ হোৱা প্ৰায় ডেৰ কুৰি সাংবাদিকেও উচিত ন্যায় পাব লাগে বুলি বৰদলৈয়ে ভাষণত দাবী কৰে।
অনুষ্ঠানটো সঞ্চালনা কৰা বিশিষ্ট চিন্তাবিদ লক্ষ্মীনাথ তামুলীয়ে কয় যে কেন্দ্ৰৰ হেঁচাত গুপ্তহত্যা সংঘটিত হৈছিল আৰু এনে হত্যাকাণ্ডৰ কথা সেই সময়ৰ চৰকাৰ প্ৰশাসনৰ প্ৰতিজন বিষয়াই জানিছিল। কিন্তু কথাবোৰ কোনোৱে মুকলি নকৰিলে। এতিয়া জাতিৰ নায়কে জাতিটোকে বিলুপ্ত কৰিবলৈ উঠিপৰি লাগিছে।
এই সময়ত সততাৰে সাংবাদিকতা কৰাটো কঠিন কাম বুলি তামুলীয়ে মন্তৱ্য কৰে। সভাত ময়ূৰ বৰা, নিত্য বৰা, অপূৰ্ব বৰুৱা আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।