NORTHEAST NOW (Assamese)

সাংবাদিক মানবেন্দ্র ভট্টাচাৰ্যৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু

January 19, 2018 8:40 pm · এন ই নাও নিউজ

দৈনিক অসমৰ জ্যেষ্ঠ উপ সম্পাদক মানৱেন্দ্ৰ ভট্টাচাৰ্যৰ আজি দুপৰীয়া প্ৰায় ১১ বজাত এক দুৰ্ঘটনাত কৰুণভাৱে মৃত্যু হয় ৷

মহানগৰীৰ বশিষ্ঠৰ গণেশ নগৰৰ বাসভৱনত বিদ্যুৎস্পৃষ্ট হৈ নিহত হোৱা ভট্টাচাৰ্যৰ বয়স হৈছিল ৪৫ বছৰ ৷

গল্পকাৰ আৰু অভিনেতা হিচাপেও পৰিচিত ভট্টাচাৰ্যই শেহতীয়াকৈ মুক্তি পোৱা “এই মাটিতে’ আৰু ইতিমধ্যে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱা “তোৰ মোৰ ফকটীয়া লাভষ্টৰী’ নামৰ ছবিত অভিনয় কৰিছিল ৷

সমাহাৰ নাট্যগোষ্ঠীৰ সৈতে জড়িত ভট্টাচাৰ্যই বহসংখ্যক মঞ্চ নাটতো অভিনয় কৰিছিল ৷

তেওঁৰ প্ৰকাশিত গ্ৰন্থপুথি তিনিখন হৈছে “ৰঙীণ শাৰী”, “ইচ্ছা মৃত্যু” আৰু “কোমলতাৰ গদ্য”৷

দৈনিক অসমৰ পূৰ্বে “দৈনিক অগ্ৰদূত”তো সাংবাদিক হিচাপে সেৱা আগবঢ়োৱা ভট্টাচাৰ্যই মাতৃ, পত্নী আৰু দুই নাবালক পুত্ৰক এৰি থৈ যায় ৷ কাইলৈ সাংবাদিকগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ৷

ভট্টাচাৰ্যৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এক শোক ৱাৰ্তাত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে বিশিষ্ট সংবাদ কৰ্মী গৰাকীয়ে ঐতিহ্যমণ্ডিত দৈনিক অসম কাকতত নিষ্ঠা সহকাৰে সম্পাদনাৰ দৰে দায়িত্ব পালন কৰি সংবাদ গোষ্ঠীটোলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ উপৰি সংবাদ সেৱাৰ সামগ্ৰিক দিশটোলৈও বহুমূলীয়া অৱদান আগবঢ়াই গৈছে।

Related News