NORTHEAST NOW (Assamese)
অসম

সাংসদ আৰ পি শৰ্মাৰ জীয়েকৰ ডেমাকি : কাহিলিপাৰাত হস্তাক্ষৰৰ নমুনা দিবলৈ আহি কৰ্তব্যৰত আৰক্ষীক ৰঙা চকু

Posted by: এন ই নাও নিউজ July 18, 2018 1:21 pm
অসম লোকসেৱা আয়োগ ভৱন

আজি এ পি এছ চিৰ কেলেংকাৰিত নতুনকৈ তদন্ত প্ৰক্ৰিয়াৰ সন্মুখীন হোৱা ২০১৬ চনৰ ১৯গৰাকী ৰাজপত্ৰিত বিষয়াই হস্তাক্ষৰৰ নমুনা দিবলৈ কাহিলিপাৰাস্থিত আৰক্ষীৰ বিশেষ শাখাত উপস্থিত হৈছেহি। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষাত  ১৩জন এ চি এছ বিষয়া, ৩জন এ পি এছ বিষয়া আৰু এজন ডি টি অ’, এজন কৰ অধীক্ষক আৰু  এজন কৰ পৰিদৰ্শকে হাতৰ আখৰৰ নমুনা দিয়াৰ কথা।

আনহাতে এই নতুনকৈ অভিযুক্তসকলৰ মাজত আছে তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ জীয়েক অসম আৰক্ষী সেৱাৰ বিষয়া পল্লৱী শৰ্মাও।

আমোদজনকভাৱে, আজি পুৱাৰ ভাগত কাহিলিপাৰাত উপস্থিত হোৱাৰ পিছতে পল্লৱী শৰ্মাই নিজৰ বিষয়াগিৰি দেখুওৱাৰ চেষ্টা কৰে। তেওঁক গাড়ীৰ পৰা নামি আহিবলৈ কোৱা কৰ্তব্যৰত আৰক্ষীলৈ ঘোপাকৈ চাই থাকে ভালেমান পৰ। তাৰ পাছতে নামি অহাৰ পৰিৱৰ্তে নিজৰ গাড়ীৰ গ্লাছ উঠাই দিয়ে। পল্লৱী শৰ্মাই কৰ্তব্যৰত আৰক্ষীৰ সৈতে বাক-বিতণ্ডাতো লিপ্ত হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে পল্লৱীৰ সাংসদ দেউতাক আৰ পি শৰ্মাই ১৬ জুলাইত সংবাদমেল দি অভিযোগ কৰিছিল যে তেওঁ আৰু তেওঁৰ জীয়েকৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ হৈছে। তেওঁৰ জীয়েক নিৰ্দোষী আৰু আইনী প্ৰক্ৰিয়াত জয়ী হ’ব। আনহাতে সাংসদজনে ফৰেনছিকৰ প্ৰতিবেদনো মেনিপুলেট কৰা হয় বুলিও অভিযোগ কৰিছিল।