NORTHEAST NOW (Assamese)

সাক্ষাৎকাৰৰ দিন স্থগিত ৰখাক লৈ খানাপাৰা পশু চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

February 18, 2018 9:10 pm · এন ই নাও নিউজ

দেওবাৰে মহানগৰীৰ খানাপাৰা পশু চিকিৎসালয় মহাবিদ্যালয়ত এক উত্তেজনাৰ সৃষ্টি হয়। চালকৰ সাক্ষাৎকাৰৰ দিন স্থিগত ৰখাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে আছাম প্ৰিজন হেডকোৱাৰ্টাৰে মহানগৰীৰ খানাপাৰা পশু চিকিৎসালয়ত চালকৰ সাক্ষাৎকাৰ আয়োজন কৰিছিল। এই সাক্ষাৎকাৰ দিনৰ ১ বজাত হোৱাৰ কথা আছিল।

আনহাতে সাক্ষাৎকাৰৰ বাবে সাজু হৈ থকা প্ৰাৰ্থী সকলক দিনৰ ১ বজাত কৰ্তৃপক্ষই পৰীক্ষা স্থগিত ৰখা বুলি অৱগত কৰে। ফলত কৰ্তৃপক্ষৰ এনে কাণ্ডক লৈ প্ৰাৰ্থী সকলৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিয়ে। যাৰ ফলত প্ৰাৰ্থী সকলে পশু চিকিৎসালয় খনত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

আনহাতে ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিমাংশু দাস উপস্থিত হয়।

Related News