NORTHEAST NOW (Assamese)
অসম

সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে হিৰণ্য ভট্টাচাৰ্যৰ দুখন গ্ৰন্থ উন্মোচন

Posted by: এন ই নাও নিউজ April 30, 2018 8:20 am
29-04-18 Guwahati- Hiranya Kumar Bhattacharya's Book release (2)

দেওবাৰে গুৱাহাটীৰ নেডফি হাউছত অনুষ্ঠিত এক গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  ‘Operation lebensraum’ আৰু  ‘বিশ্বব্যাপী আগ্ৰাসী অনুপ্ৰৱেশ‘ শীৰ্ষক দুখন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

সাম্প্ৰতিক অসমৰ বিভিন্ন বিষয় সামৰি বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্যই  এই  বিশেষ গ্ৰন্থ দুখন ৰচনা  কৰি উলিয়াইছে।

গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ নিৰ্মল কুমাৰ চৌধুৰী আৰু বিশিষ্ট শিক্ষাবিদ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰ-উপাচাৰ্য ড০ অমৰজ্যোতি চৌধুৰীয়ে।

উন্মোচনী ভাষণ প্ৰসংগত উন্মোচকদ্বয়ে গ্ৰন্থ দুখনৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি গ্ৰন্থ দুখন পাঠক সমাজৰ মাজত সমাদৃত হ’ব বুলি আশা প্ৰকাশ কৰে।

‘বিশ্বব্যাপী আগ্ৰাসী অনুপ্ৰৱেশ‘ শীৰ্ষক গ্ৰন্থখনত অনুপ্ৰৱেশ সমস্যাৰ ওপৰত আলোকপাত কৰি লেখকে অধ্যয়নপুষ্ট মনৰ পৰিচয় দিয়াৰ লগতে সাম্প্ৰতিক সময়ৰ এটা জলন্ত সমস্যাক পাঠকৰ আগত সাৱলীলভাৱে দাঙি ধৰিছে।

উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড০ গোবিন্দ প্ৰসাদ শৰ্মা, হৰেকৃষ্ণ ডেকা, ড০ কনকচন্দ্ৰ শৰ্মা, অনিল ভট্টাচাৰ্য, ড০ দয়ানন্দ পাঠক, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, হাইদৰ হুছেইন, অনুৰাধা শৰ্মা পূজাৰী, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰিণিকি ভূঞা শৰ্মা, পদ্মশ্ৰী অজয় দত্ত, সাংস্কৃতিক কৰ্মী হিতেশ বৰুৱাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।