NORTHEAST NOW (Assamese)
অসম

বিচিচিআইয়ে প্ৰকাশ কৰিলে আইপিএল-২০২০’ৰ নতুন ল’গ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 21, 2020 7:38 am
WhatsApp Image 2020-08-21 at 7.32.53 AM

ড্ৰীম ইলেভেনৰ সৈতে নতুন স্পনছৰশ্বিপ চুক্তি কৰাৰ পাছত বিচিচিআইয়ে প্ৰকাশ কৰিছে আইপিএলৰ নতুন ল’গ’।

আইপিলৰ ইনষ্টাগ্ৰাম একাউন্টত বোৰ্ডৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে স্পনছৰৰ নাম সহিতে নতুন ল’গ’ প্ৰকাশ কৰা হৈছে।

#Dream11IPL-হেছটেগৰ ইনষ্টাগ্ৰাম প’ষ্টৰ জৰিয়তে বিচিচিআইয়ে নতুন ল’গ’টো দেখিবলৈ কেনেকুৱা হৈছে সেয়া অনুৰাগীৰ পৰা জানিব বিচাৰিছে।

মু্ম্বাই ইণ্ডিয়ানছে নতুন ল’গ’ পৰিধান কৰি তেওঁলোকৰ অফিচিয়েল টুইটাৰ তথা ইনষ্টাগ্ৰাম একাউন্টত প’ষ্ট দিছে।

মঙলবাৰে বিচিচিআইয়ে আইপিএলৰ নতুন টাইটেল স্পনছৰাৰ হিচাপে ড্ৰীম ইলেভেনক নিৰ্বাচিত কৰে। ইয়াৰ পূৰ্বে বোৰ্ডে ভিভ’ৰ সৈতে চুক্তি সমাপ্ত কৰে।

ড্ৰীম ইলেভেনে আগন্তুক ছিজনৰ বাবে বোৰ্ডক ২২২কোটি টকা দিব।

আনহাতে, পৰৱৰ্তী দুটা ছিজনৰ আইপিএলৰ টাইটেল স্পনছৰৰ বাবে ড্ৰীম ইলেভেনে বোৰ্ডক বছৰি ২৪০কোটিকৈ দিব বিচাৰিছিল যদিও বোৰ্ড এই প্ৰস্তাৱত মান্তি হোৱা নাই।

পৰৱৰ্তী ছিজনৰ বাবে ড্ৰীম ইলেভেনক নতুনকৈ বিড জমা কৰাৰ বাবে কোৱা হৈছে।

অৱশ্যে, পৰৱৰ্তী ছিজনত আইপিএলৰ  টাইটেল স্পনছৰ কোনে লাভ কৰিব সেয়া এতিয়াই কৈ দিয়াটো টান।