NORTHEAST NOW (Assamese)
Popular Stories

কেৱল তামিল আৰু ইংৰাজীৰ বাবে তামিল ভূমি! হিন্দী আধিপত্য ৰোধ কৰিবলৈ ষ্টেলিনৰ নতুন শিক্ষা নীতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 8, 2025 5:28 pm

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে আৰম্ভণিৰে পৰা কেন্দ্ৰৰ নতুন শিক্ষা নীতিৰ বিৰোধিতা কৰি আহিছে। হিন্দী আধিপত্যৰ বিৰুদ্ধে মাত মাতি তামিলনাডু চৰকাৰে এতিয়া নিজৰ ৰাজ্যতে নতুন শিক্ষা নীতি আৰম্ভ কৰিছে। দ্বিভাষিক নীতিৰ অধীনত ৰাজ্যৰ সকলো বিদ্যালয়তে কেৱল তামিল আৰু ইংৰাজী পাঠদান কৰা হব।

তামিলনাডুত এই দ্বিভাষিক শিক্ষা নীতিৰ কাৰ্যকলাপ ২০২২ চনৰ পৰা আৰম্ভ হৈছিল।এই উদ্দেশ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মুৰুগেছানৰ নেতৃত্বত ১৪ জনীয়া এখন সমিতি গঠন কৰা হৈছিল। এই সমিতিখনে বিগত বৰ্ষৰ জুলাই মাহত মুখ্যমন্ত্রীক প্রতিবেদন দাখিল কৰিছিল৷ অৱশেষত শুকুৰবাৰে কট্তুৰপুৰমত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে। শেহতীয়াকৈ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে তামিলনাডু চৰকাৰে লোৱা এই পদক্ষেপ নিশ্চিতভাৱে তাৎপৰ্যপূৰ্ণ। কেন্দ্ৰই ৰাষ্ট্ৰীয় শিক্ষা নীতিত তিনিটা ভাষাৰ তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে ষ্টেলিনৰ ৰাজ্যিক শিক্ষা নীতিত দুটা ভাষাৰ কথা কোৱা হৈছে। কেন্দ্ৰৰ তিনিটা ভাষাত ইংৰাজী, হিন্দী আৰু স্থানীয় ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। ৰাজ্যৰ শিক্ষা নীতি তামিল আৰু ইংৰাজী শিক্ষাৰ ওপৰত আধাৰিত হব। তাত হিন্দীৰ কোনো উল্লেখ নাই।

মন কৰিবলগীয়া যে, তামিলনাডু, তেলেংগানাৰ দৰে ৰাজ্যই তিনিভাষিক শিক্ষাৰ জৰিয়তে অহিন্দী ৰাজ্যৰ ওপৰত হিন্দীক জোৰ-জবৰদস্তি কৰা হৈছে বুলি বাৰে বাৰে উত্থাপন কৰি আহিছে৷ এই হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে ওলাই আহিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিন। তেওঁ অভিযোগ কৰে যে এই হিন্দী আগ্ৰাসনৰ বাবে উত্তৰ ভাৰতৰ বহু ভাষা যেনে ভোজপুৰী, মাইথিলী, আৱাধি, ব্ৰজবুলি, বুণ্ডেলী ধ্বংস হৈছে। তদুপৰি বহু আঞ্চলিক ভাষা মৃত্যুমুখত পৰিছে। হিন্দী ভাষাৰ একচেটিয়া ব্যৱহাৰ প্ৰাচীন মাতৃভাষাক হত্যা কৰাৰ প্ৰয়াস বুলি অভিযোগ কৰে।

কেৱল সেয়াই নহয়, শেহতীয়া ‘বাংলা বাংলাদেশী ভাষা বিতৰ্কতো ষ্টেলিনে পশ্চিমবংগ চৰকাৰৰ কাষত থিয় দিছে। এই বিষয়ত ছচিয়েল মিডিয়াত তেওঁৰ বাৰ্তা আছিল, ‘যি ভাষাত দেশৰ জাতীয় সংগীত লিখা হৈছিল, সেই ভাষাৰ ওপৰত এয়া আক্ৰমণ। অহিন্দী ভাষাৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই পশ্চিমবংগৰ জনসাধাৰণৰ সন্মুখত ঢাল হিচাপে থিয় দিছে মমতা দিদি।’