NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

অশান্ত বেলুচিস্তান! ৩১ আগষ্টলৈকে বন্ধ ইন্টাৰনেট সেৱা

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও August 8, 2025 4:48 pm
অশান্ত বেলুচিস্তান! ৩১ আগষ্টলৈকে বন্ধ ইন্টাৰনেট সেৱা

কুৱেটাকে ধৰি সমগ্ৰ বেলুচিস্তানত বন্ধ হৈ আছে মোবাইল ইণ্টাৰনেট সেৱা ।

বেলুচিস্তান চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে, নিৰাপত্তাজনিত কাৰণত সমগ্ৰ প্ৰদেশখনতে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

বেলুচিস্তান চৰকাৰৰ এজন বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত এই কথা নিশ্চিত কৰে। তেওঁ কয় যে সন্ত্ৰাসবাদী কাণ্ডৰ আশংকাৰ বাবে সমগ্ৰ বেলুচিস্তানত ৩১ আগষ্টলৈকে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ থাকিব।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বেও বেলুচিস্তানৰ কিছুমান অঞ্চলত কিছুদিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল।

কিন্তু ইয়াৰ আগতে সমগ্ৰ প্ৰদেশখনত কেতিয়াও এনেদৰে ইণ্টাৰনেট সেৱা বন্ধ কৰা হোৱা নাছিল।