NORTHEAST NOW (Assamese)
অসম

Struggle for Tradition ৰাস সমাগত! ৰাসত ব্যৱহৃত বিভিন্ন মুখা প্ৰস্তুতত ব্যস্ত টীয়কৰ দুই শিল্পী ভাতৃ লৱ-কুশ

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক November 13, 2021 1:17 pm
Mukha Artist

Struggle for Tradition ৰাজ্যৰ চৌদিশে এতিয়া ৰাসৰ আখৰা। চলিছে কৃষ্ণ বন্দনাৰ আখৰা। মঞ্চই মঞ্চই মাজ নিশালৈকে চলিছে এই আখৰা। সমান্তৰালভাৱে ব্যস্ততাৰ অন্ত নোহোৱা হৈছে ৰাসত ব্যৱহৃত সত্ৰীয়া সংস্কৃতিৰ অন্যতম উপাদান হিচাপে পৰিচিত মুখা  নিৰ্মাণ কৰা শিল্পী সকলৰো।

দিনে নিশাই অঘাসুৰ,বকাসুৰ, পুতনা, কলম্বাসুৰ আদিৰ মুখাত শেষ পৰশ দিয়াত ব্যস্ত শিল্পী সকল। যোৰহাট জিলাৰ  টীয়কৰ বনাইৰ দুই ভাতৃ লৱ আৰু কুশৰো এতিয়া ব্যস্ততাৰ সীমা নাই।

কেইবাখনো ৰাসত ব্যৱহাৰ কৰিবলৈ ঘৰৰ চোতালত সাজি উলিওৱা মুখা সমূহত এতিয়া শেষ পৰশ দিয়াত ব্যস্ত এই দুই শিল্পী ভাতৃ।

Also Read: India Week at Hamburg in Germany জাৰ্মানীৰ হামবাৰ্গ মহানগৰীত উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ অনুষ্ঠান: জাৰ্মানীৰ পৰ্যটক আকৰ্ষণৰ পদক্ষেপ

উল্লেখযোগ্য যে এই দুই শিল্পীয়ে কেৱল মুখা নিৰ্মাণ কৰাই নহয়, সামন্তৰালকৈ মুখা সমূহৰ ব্যৱহাৰ কৰি অভিনয় প্ৰদৰ্শন কৰে ৰাসৰ মঞ্চত।

এই দুই শিল্পীয়ে আজি পৰ্যন্ত কিন্তু চৰকাৰী কোনো সা সুবিধা পোৱা নাই। সেয়ে তেওঁলোকৰ সৃষ্টিসমূহ সজীৱ কৰি তথা সংৰক্ষণ কৰি ৰাখিবলৈ এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰখনক অনুৰোধ জনাইছে।

Mukha Artist.png1
শিল্পী লৱ-কুশৰ শিল্পকৰ্ম। ফটো: নৰ্থইষ্ট নাও।

ইপিনে, ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ বাবে যোৱা দুটা বছৰে দিন হাজিৰা কৰি অধিক কষ্টেৰে পৰিয়াল প্ৰতিপালন কৰিব লগা হৈছিল এই শিল্পীদুগৰাকীয়ে।

কিন্তু চৰকাৰে এইবাৰ যিহেতু ক’ভিড নিয়ন্ত্ৰণ হোৱাৰ বাবে ৰাস ভাওনা আদি কৰি বিভিন্ন অনুষ্ঠানসমূহ পাতিবলৈ অনুমতি প্ৰদান কৰিছে, সেয়ে বৰ্তমান শিল্পী দুগৰাকীৰ ব্যস্ততা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।