NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত ‘দিঠকত হেৰাল সপোন’বোলছবিৰ প্ৰযোজক-পৰিচালকক সম্বৰ্ধনা ৰংঘৰ ক্ৰিয়েশ্বনৰ

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ November 13, 2021 12:29 pm
Assamese film promotion

মুক্তি লাভ কৰাৰ পথত থকা অসমীয়া বোলছবি ‘দিঠকত হেৰাল সপোন’ৰ প্ৰযোজক অজিত বৰ্মন আৰু পৰিচালক পংকজ পল্লৱ শৰ্মাক  তামুলপুৰত সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সাংস্কৃতিক অনুষ্ঠান ৰংঘৰ ক্ৰিয়েচনৰ উদ্যোগত অনুষ্ঠিত সভাত প্ৰযোজক আৰু  পৰিচালকগৰাকীক সম্বৰ্ধনা জনোৱা হয় ।

বোলছবিখনৰ প্ৰযোজক অজিত বৰ্মন আৰু পৰিচালক পংকজ পল্লব শৰ্মাক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

ছবিখন অসমীয়া সমাজলৈ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰি সমাজ সংস্কাৰ কৰাত ভূমিকা লব বুলি আশা প্ৰকাশ কৰে প্ৰযোজক অজিত বৰ্মনে।

Also Read: India Week at Hamburg in Germany জাৰ্মানীৰ হামবাৰ্গ মহানগৰীত উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ অনুষ্ঠান: জাৰ্মানীৰ পৰ্যটক আকৰ্ষণৰ পদক্ষেপ

অসমৰ ৰাইজে ছবিখন আঁকোৱালি লৈ অসমৰ বোলছবি উদ্যোগটোক আগুৱাই নিয়াত সহায় কৰিবলৈও আহ্বান জনায় প্ৰযোজকগৰাকীয়ে।

আনহাতে, ছবিখনৰ পৰিচালক পংকজ পল্লব শৰ্মাই কয় যে ছবিখনত সামাজিক সমস্যা নাবালিকা ধৰ্ষণ, মদ্যপানৰ সমস্যাকে ধৰি কেইবাটাও সামাজিক সমস্যাক উপস্থাপন কৰা হৈছে।

ছবিখনে সমাজলৈ এক যোগাত্মক বাৰ্তা কাঢ়িয়াব বুলিও আশাবাদী পৰিচালক শৰ্মা।

Also Read: APDCL Recruitment Update বাতিল কৰা হৈছে APDCLৰ নিযুক্তি প্ৰক্ৰিয়া; প্ৰশাসনিক কাৰণত বাতিলৰ উল্লেখ জাননীত

মুক্তিৰ পূৰ্বেই টেগুৰ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত নেৰেটিভ শাখাত বেষ্ট এচিভমেন্ট এৱাৰ্ড লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে বোলছবি দিঠকত হেৰাল সপোনে।

সম্বৰ্ধনা সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বোলছবিখনৰ প্ৰযোজক আৰু পৰিচালকক শুভেচ্ছা জ্ঞাপন কৰে।