NORTHEAST NOW (Assamese)
অসম

নগাঁৱত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ অধিবেশন আৰম্ভ

Posted by: মুৰুলী বৰুৱা Updated by: মুৰুলী বৰুৱা December 26, 2020 7:37 pm
IMG-20201226-WA0005

নগাঁৱত আজিৰে পৰা আৰম্ভ হৈছে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশন।

নগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত অধিৱেশনৰ আজি পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়।

পুৱাৰ ভাগত স্মৃতি তৰ্পণ আৰু পিছত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

বিয়লিৰ পৰা অনুষ্ঠিত হয় সন্থাৰ প্ৰতিনিধি সভা। এই সভা উদ্ধোধন কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত দেৱাহুতি বৰাই।

সন্থাৰ কেন্দ্ৰীয় সভাপতি হৰিশ্চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাই কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্থাৱ গ্ৰহণ কৰে।

সভাই জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়।

সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰমজিৎ চক্ৰৱৰ্তীয়ে সম্পাদকীয় প্ৰতিবেদন আৰু বিত্তীয় প্ৰতিবেদন পাঠ কৰে।

কাইলৈ পুৱা বিষয় বাচনি সভা আৰু মুকলি সভা অনুষ্ঠিত হ’ব।