NORTHEAST NOW (Assamese)
অসম

ফিংগাৰপ্ৰিণ্ট নথকা এটা পৰিয়ালকলৈ বিস্মিত বিজ্ঞানীমহলো, ক’ত আছে এই পৰিয়ালটো?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 26, 2020 7:13 pm
hands-750x375

ফিংগাৰপ্ৰিণ্ট নথকা মানুহৰ কথা হয়তো বহুতে কমেইহে শুনিছে।

যিকোনো লোকৰেই ফিংগাৰপ্ৰিণ্ট অথবা হাতৰ চাপ থাকেই।

এজন মানুহৰ হাতৰ চাপ আন এজনৰ সৈতে কেতিয়াও নিমিলে।

সেয়ে অপৰাধী চিনাক্তকৰণকে ধৰি আন বহু কামত ফিংগাৰপ্ৰিণ্টৰ সহায় লোৱা হয়। দেশজুৰি চলি থকা আধাৰ পঞ্জীয়নৰ ক্ষেত্ৰতো হাতৰ চাপ গ্ৰহণ কৰা হৈ আহিছে।

যিকিনহওক, সকলোৰে হাতৰ চাপ থাকে যদিও বাংলাদেশৰ এই পৰিয়ালটোৰ কোনো লোকৰে হাতৰ চাপ লোৱাটো কোনো পধ্যেই সম্ভৱপৰ কথা নহয়।

হাতৰ চাপ সংগ্ৰহৰ যিমানেই উন্নত মেচিন ব্যৱহাৰ কৰা নহওক কিয় এই পৰিয়ালটোৰ কোনো লোকৰে হাতৰ চাপ মেচিনত আৱদ্ধ কৰাটো সম্ভৱ হৈ উঠা নাই।

বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ বাসিন্দা অপু সৰকাৰৰ পৰিয়ালটোৰ কাৰোৰে নাই হাতৰ চাপ।সেইবাবেই তেওঁলোকে কোনো নথি-পত্ৰতে দিব পৰা নাই হাতৰ চাপ।

অপু সৰকাৰৰ পৰিয়ালটো আক্ৰান্ত Adermatoglyphia নামৰ এবিধ বিৰল জিনীয় ৰোগত। বিশ্বৰ অতি কম সংখ্যক লোকহে এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।এই ৰোগত আক্ৰান্ত হোৱাৰ বাবেই অপু সৰকাৰৰ পৰিয়ালটোৰ কাৰোৰে হাতৰ চাপ ফুটি নুঠে।

পৰিয়ালটোৰ সদস্যসকলৰ হাতৰ তলুৱাত থকা ঘৰ্মগ্ৰন্থিৰ সংখ্যাও তেনেই নগন্য।হাতৰ চাপ নথকাৰ বাবেই অপু সৰকাৰৰ পৰিয়ালটোৱৰ কোনো সদস্যই উলিয়াব পৰা নাই গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ।

আনকি পৰিয়ালটোৰ পুৰুষ সদস্যসকলে নিজৰ নামত মোবাইল ফোনৰ ছিম কাৰ্ডো উলিয়াব পৰা নাই। কাৰণ ২০১৬ চনতে বাংলাদেশৰ চৰকাৰে ছিম কাৰ্ড উলিয়াবলৈ হাতৰ চাপ দিয়াটো বাধ্যতামূলক কৰিছিল।