NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ উৰিয়াগাঁৱত পথ দুৰ্ঘটনাত যুৱক নিহত : অন্য দুই যুৱক আহত

Posted by: মুৰুলী বৰুৱা Updated by: মুৰুলী বৰুৱা December 26, 2020 6:59 pm
IMG_20201226_185245

নগাঁও জিলাৰ ইটাচালি টাউন আৰক্ষী চকীৰ অন্তৰ্গত উৰিয়াগাঁৱৰ বাইপাছ চ’কৰ সমীপত কালি নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়।

নিহত যুৱকজন বঢ়মপুৰ তিনিআলিৰ হিমাংশু বৰা (২৪) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, কালি নিশা হিমাংশুৰ এজন বন্ধুৱে দিয়া জন্মদিনৰ পাৰ্টী উপভোগ কৰিবলৈ গৈ অজ্ঞাত কাৰণত নিশা নগাঁও চহৰৰ অভিমুখে নিজৰ এ এছ ০১ই পি ৩৬৪৪ নম্বৰৰ মহিন্দ্ৰা মাৰাজ’ গাড়ীখন লৈ গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতে বাগৰি পৰে।

যাৰ ফলত গাড়ীখনৰ চালক হিমাংশু বৰা থিতাতে নিহত হয় আৰু গাড়ীখনত যোৱা আন দুজন বন্ধু কিছুপৰিমাণে আহত হয়।