NORTHEAST NOW (Assamese)
অসম

অস্ত্ৰৰ ঠাইত এতিয়া স্ক্ৰু-ড্ৰাইভাৰ, টায়াৰ-টিউবৰ লগত দিন-ৰাতি পাৰ হয় প্ৰাক্তন আলফা ৰাজু ডেকাৰ

Posted by: মিন্টূ দাস June 3, 2018 9:37 pm
ad4c8198-eec4-4c0c-9510-05955b8c7c89

নগাঁও জিলাৰ অতিব্যস্ত ডিমৌ চাৰিআলিৰ এখন মটৰ চাইকেল মেৰামতি কৰা দোকান। নাম ‘ডেকা অ’টোমবাইলছ’। স্থানীয় তথা সমীপৱৰ্তী অঞ্চলতো খুবেই পৰিচিত এই দোকানখন। কিয়নো এই দোকানখনত কৰ্মৰত ৰাজু ডেকা নামৰ লোকজন এজন প্ৰাক্তন আলফা সদস্য।

শৈশৱৰে পৰা মনত পুহি ৰখা এটা বিপ্লৱী সত্তাৰ বাবেই ১৯৯০ চনত ডেকাই যোগদান কৰিছিল ‘সংযুক্ত মুক্তি বাহিনী’ অসম চমুকৈ আলফাত। সংগঠনৰ কামত দেশে বিদেশে ঘূৰি, হাতত অস্ত্ৰ লৈ সংগ্ৰাম চলাইছিল প্ৰায় ১০ বছৰ কাল। পিছে ২০০০ চনত ডেকাই মূলসুঁতিলৈ ঘূৰি অহাৰ সিদ্ধান্ত লৈ নগাঁৱত তেতিয়াৰ মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ উপস্থিতিত ৰাজহুৱাভাৱে কৰিলে অস্ত্ৰ সম্বৰণ।

আত্মসমৰ্পণ কৰাৰ পাছৰে পৰাই তেওঁ আৰম্ভ কৰিলে কৰ্ম বিপ্লৱ। প্ৰথম পাঁ‌চটাকৈ বছৰ গাড়ী চালক ৰূপে আৰু পৰৱৰ্তী দুটা বছৰ নগাঁও চহৰৰ এটা গেৰেজত কাম কৰি বিগত ২০০৭ চনৰ পৰা নিজাববীয়াকৈ ঘৰতে এটা গেৰেজ খুলি চলাই গৈছে জীৱন-জীৱিকাৰ সংগ্ৰাম।

6134c926-d832-44c1-b291-6b800965f616

আন দহজনৰ দৰে ইজি মানিৰ পিছত নদৌৰি  তথা কামৰ সৰু বৰ বিচাৰ নকৰি ডেকাই অবিৰতভাৱে অব্যাহত ৰাখিছে মটৰ চাইকেল মেৰামতিৰ কাম। অস্ত্ৰ বিপ্লৱ পৰিহাৰ কৰি আজিৰ ডেকাক কৰ্ম বিপ্লৱেৰে সমাজত প্ৰতিষ্ঠিত হ’বলৈ আহ্বান ৰাজু ডেকাৰ।

উল্লেখ্য যে, ডেকাই মটৰ মেকানিকৰূপে কৰা উপাৰ্জনেৰে বৰ্তমান সুকলমে চলাই গৈছে তেওঁৰ চাৰিজনীয়া পৰিয়ালটো। ডেকাৰ এই প্ৰশংসনীয় কৰ্মই সমাজলৈ যেন দি গৈছে বিপ্লৱী মনৰ এক নতুন সূত্ৰ।