NORTHEAST NOW (Assamese)
উত্তৰ-পূব

শ্বিলঙৰ হিংসাত্মক পৰিস্থিতিত ন্যস্তস্বাৰ্থ মহলৰ হাত থকাৰ সন্দেহ মুখ্য মন্ত্ৰী চাংমাৰ

Posted by: এন ই নাও নিউজ June 3, 2018 9:26 pm
WhatsApp Image 2018-06-03 at 6.33.59 PM

তাৎপৰ্যপূৰ্ণভাৱে শ্বিলঙৰ ১৪ টা আৱাসিক এলেকাত তিনিদিন ধৰি চলি থকা দুটা ফৈদৰ মাজৰ সংঘৰ্ষৰ অন্তৰালত কাৰোবাৰ হাত থকাৰ ইংগিত দিছে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই। শ্বিলঙত হিংসাত্মক ঘটনাৰ সৃষ্টি কৰাৰ বাবে এচাম লোকে দামী মদ আৰু টকা বিতৰণ কৰাৰো গুৰুতৰ অভিযোগ তুলিছে মুখ্য মন্ত্ৰীগৰাকীয়ে। তেওঁ আৰু কয় যে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা এই লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আজি তৃতীয় দিনাৰ বাবেও  লুমদেইংজ্ৰি আৱাসিক এলেকাত ৰাতিপুৱা ৮-০০ৰ পৰা আবেলি ৩-০০ বজালৈকে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে বুলি জিলা উপায়ুক্ত পি এছ ডখাৰে জনাইছে। অৱশ্যে ৰাতি ১০-০০বজাৰ পৰা পুৱা ৫-০০ লৈকে সান্ধ্য আইন বাহাল থাকিব বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে।

শনিবাৰে পুৱা মতফ্ৰানত  পৰিস্থিতি কিছু শাম কাটিছিল যদিও প্ৰতিবাদীসকলে আৰক্ষীৰ সৈতে বাদানুবাদত লিপ্ত হৈ শিলাবৰ্ষণ কৰিবলৈ ধৰাত আবেলিলৈকে পৰিস্থিতি আৰু অৱনতি ঘটে।

শ্বিলঙৰ এই হিংসাত্মক পৰিস্থিতিৰ বিষয়ে মন্তব্য দিবলৈ গৈ মুখ্য মন্ত্ৰী চাংমাই ন-দি কয় যে এয়া সাম্প্ৰদায়িক সংঘৰ্ষ নহয়।

তেওঁ আৰু কয় যে এই হিংসাত্মক ঘটনা উদ্ভৱ হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰৰ সময়খিনিত আৰক্ষীৰ লোকসকলক  সংযম ৰক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে। তেওঁ লগতে কয় যে আৰক্ষী বাহিনীয়ে যথেষ্ট সংযম ৰক্ষা কৰিছে।

উল্লেখ্য যে শ্বিলঙৰ পাঞ্জাবী লাইন এলেকাত আৱাসীসকলৰ একাংশই এজন জনজাতীয় বাছ কণ্ডাক্টৰক শাৰীৰিকভাৱে অপদস্ত কৰাক লৈ এটা আৱাসিক এলেকাৰ পৰা হিংসাত্মক  ঘটনা সমগ্ৰ শ্বিলঙৰ ১৪টাতকৈ আবাসিক এলেকালৈকে বিয়পি পৰিছিল। এই আৱাসিক এলেকাকেইটা হৈছে জাইয়াও, মাওখাৰ, উমছোহছুন, ৰাইটছামথিয়াহ, ৱাহংদহ, মিশ্যন, মাওপ্ৰেম, লুমদেইংজ্ৰি, লামা ভিলা, ক্বালাপট্টি, ৱাহথাপব্ৰু, ছানি হিলছ, কেণ্টনমেণ্ট বীট হাউছ এৰিয়া (উমশ্বিৰপি দলঙৰ সিপাৰৰ আৱাসিক এলেকাসমূহক বাদ দি) আৰু মাওলং হাট।

উল্লেখ্য যে ছচিয়েল মেডিয়াত একাংশ দুষ্কৃতিকাৰীয়ে বাতৰি প্ৰচাৰ কৰিছিল যে জনজাতীয় শিশু কেইজনমানক বেয়াকৈ মাৰধৰ কৰা হৈছে আৰু তাৰে এজনৰ মৃত্যু ঘটিছে। এই বাতৰি বিয়পি পৰাৰ পাছতেই হিংসাত্মক ঘটনাই ব্যাপক প্ৰসাৰ লাভ কৰি এটাৰ পাছত এটাকৈ আবাসিক এলেকাক হিংসাৰ দাবানলত দগ্ধ কৰি গৈছিল।