NORTHEAST NOW (Assamese)
অসম

ছিকিমত বৰফৰ মাজত আৱদ্ধ চাৰি শতাধিক পৰ্যটকক উদ্ধাৰ ভাৰতীয় সেনাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2021 4:58 pm

ছিকিমৰ নাথুলাত ভয়াৱহ হিমবাহৰ মাজত আৱদ্ধ হৈ পৰা ৪৪৭ গৰাকী পৰ্যটকক উদ্ধাৰ কৰে ভাৰতীয় সেনা বাহিনীয়ে।

প্ৰতিৰক্ষা বিভাগৰ সূত্ৰত প্ৰকাশ পোৱা মতে, ১৮ ফেব্ৰুৱাৰি আবেলিৰ পৰা আৰম্ভ হোৱা প্ৰবল তুষাৰ পাতৰ বাবে ছিকিমৰ নাথুলাত ৪৪৭ গৰাকী পৰ্যটক আৱদ্ধ হৈ পৰে।

পৰ্যটক সকলে যাত্ৰা কৰা বাহন সমূহ বৰফৰ মাজত আৱদ্ধ হৈ পৰাত উক্ত স্থানতে সকলো পৰ্যটকে প্ৰচণ্ড শীতত আৱদ্ধ হৈ পৰিবলগীয়া হয়।

এই খবৰ লাভ কৰা মাত্ৰকে ভাৰতীয় সেনা বাহিনীৰ উদ্ধাৰকাৰী দলে উক্ত স্থানত উপস্থিত হৈ সকলোবোৰ পৰ্যটকৰ লগতে বাহন সমূহো উদ্ধাৰ কৰে।

অতিমাত্ৰা শীত প্ৰবাহৰ বাবে কিছুসংখ্যক পৰ্যটক শাৰীৰিকভাৱে অসুস্থ পৰাত সেনা বাহিনীৰ উদ্ধাৰকাৰী দলে তেওঁলোকক সেনা বাহিনীৰ চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰে।

ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা পৰ্যটক সকলক থকা-খোৱাৰ ব্যৱস্থা কৰি দিয়ে বুলিও জানিব পৰা গৈছে।