NORTHEAST NOW (Assamese)
অসম

প্ৰথমবাৰৰ বাবে নাগালেণ্ড বিধানসভাত পৰিবেশন কৰা হ’ল দেশৰ ৰাষ্ট্ৰীয় সংগীত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 20, 2021 11:47 am
প্ৰথমবাৰৰ বাবে নাগালেণ্ড বিধানসভাত পৰিবেশন কৰা হ’ল দেশৰ ৰাষ্ট্ৰীয় সংগীত

নাগালেণ্ড বিধানসভাত প্ৰথমবাৰৰ বাবে দেশৰ ৰাষ্ট্ৰীয় সংগীত গোৱা হয়।

১২ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হোৱা ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ সময়ত বিধানসভাৰ মজিয়াত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।

১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ড পৃথক ৰাজ্য হিচাপে গঠন হোৱাৰ পাছত ১২ ফেব্ৰুৱাৰি, ২০২১ত প্ৰথমবাৰৰ বাবে নাগালেণ্ড বিধানসভাৰ মজিয়াত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।

ৰাজ্যপাল আৰ এন ৰবিৰ ভাষণৰ আগত আৰু পাছত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।

সুৰক্ষা বিশ্লেষক নিতিন এ গোখলে নাগালেণ্ড বিধানসভাৰ মজিয়াত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰাৰ ভিডিঅ’ টুইটাৰ যোগে শ্বেয়াৰ কৰে।

বিধানসভাৰৰ সচিৱ ড০ পি জে এণ্টনীয়ে নাগালেণ্ডৰ বিধানসভাত কি কাৰণত পূৰ্বে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হোৱা নাছিল সেই সম্পৰ্কে নাজানে বুলি উল্লেখ কৰে।

বৰ্তমানৰ বিধানসভাৰ সদস্য সকলে বিধানসভাৰ মজিয়াত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা পদক্ষেপক এণ্টনীয়ে আদৰণি জনায়।

নাগালেণ্ডৰ কেবিনেট মন্ত্ৰী তথা নাগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইমনাই নাগালেণ্ডৰ বিধানসভাত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনক ঐতিহাসিক আখ্যা দিয়ে।