NORTHEAST NOW (Assamese)
অসম

লাচিত সেনাৰ পৰা শৃংখল চলিহাক অব্যাহতি! দলীয় কাৰ্যসূচীৰ পৰা বিৰত থকাৰ লগতে সংবাদ মাধ্যমত মন্তব্য নকৰিবলৈও নির্দেশ

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও August 8, 2025 6:01 pm
লাচিত সেনাৰ পৰা শৃংখল চলিহাক অব্যাহতি! দলীয় কাৰ্যসূচীৰ পৰা বিৰত থকাৰ লগতে সংবাদ মাধ্যমত মন্তব্য নকৰিবলৈও নির্দেশ

বীৰ লাচিত সেনাৰ পৰা অব্যাহতি দিয়া হৈছে বিতৰ্কিত নেতা শৃংখল চলিহাক।  শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ হৈছে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্ব।

পত্ৰযোগে শৃংখল চলিহাক দলীয় কাম-কাজৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানী ফুকনে।

সকলো দলীয় কাৰ্যসূচীৰ পৰা বিৰত থকাৰ লগতে সামাজিক মাধ্যম, সংবাদ মাধ্যমত মন্তব্য নকৰিবলৈও নির্দেশ দিছে ৰন্টু পানীফুকনে।নিৰ্দেশমৰ্মে ৮ ছেপ্তেম্বৰলৈকে দলৰ পৰা বিৰতি ল’ব লাগিব শৃংখল চলিহাই।