NORTHEAST NOW (Assamese)
অসম

অসম ৰাজ্যিক চিৰিয়াখানাৰ আন্তঃগাঁথনি উন্নয়নৰ প্ৰস্তুতি: ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে ৫ কোটিৰ আবণ্টন

Posted by: এন ই নাও নিউজ March 15, 2018 2:15 pm
assam state zoo

অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানক বিশ্বমানৰ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন সময়ত বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰি আহিছে।

শেহতীয়াভাৱে অসম বিধানসভাৰ বাজেট অধিৱেশনত আগন্তুক বিত্তীয় বৰ্ষৰ বাবে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানক পূৰ্বতকৈ অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে ৫ কোটি টকাৰ পুঁজি আবণ্টন দিয়াৰ কথা ঘোষণা কৰে।

বিত্তমন্ত্ৰীয়ে চিৰিয়াখানাৰ উন্নয়নৰ বাবে বাজেটত ধাৰ্য কৰা ৫ কোটি টকা সন্দৰ্ভত সন্তোষ প্ৰকাশ কৰি চিৰিয়াখানা কৰ্তৃপক্ষৰ এটা সূত্ৰই কয় যে বাজেটত ধাৰ্য কৰা এই পুঁজিৰে চিৰিয়াখানাৰ নলা-নৰ্দমা, বৈদ্যুতিকৰণকে আদি কৰি বিভিন্ন কাম সম্পূৰ্ণ কৰিব পৰা যাব।

অৱশ্যে এই পুঁজি পৰ্যাপ্ত নহয় বুলি উল্লেখ কৰি সূত্ৰটোৱে কয় যে ৰাজ্যিক চিৰিয়াখানাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰূপ দিবলৈ এখন বিস্তৃত প্ৰকল্প প্ৰতিবেদন যুগুত কৰাৰ বাবে প্ৰধান মুখ্য বন সংৰক্ষকক এটা প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু সেই প্ৰস্তাৱৰ উত্তৰ এই পৰ্যন্ত নাহিল।

উল্লেখ্য যে প্ৰতিবছৰে চিৰিয়াখানাৰ পৰা সংগ্ৰহ হোৱা প্ৰায় কোটি টকা ৰাজহ চৰকাৰৰ ৰাজহ বিভাগলৈ প্ৰেৰণ কৰা হয়। কিন্তু বহিঃৰাজ্যৰ কেতবোৰ চিৰিয়াখানাত থকা ছ’চাইটীসমূহক বছৰটোৰ ৰাজহখিনি চিৰিয়াখানাৰ উন্নয়নৰ কামত ব্যৱহাৰৰ বাবে দিয়া হয়।  যিটো পদ্ধতি অসমত এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই বুলি সূত্ৰটোৱে লগতে কয়।

প্ৰতি বছৰে চিৰিয়াখানাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰী পুঁজিৰ আশাত ৰ’বলগীয়া হোৱাত চিৰিয়াখানাৰ আন্তঃগাঁথনি উন্নয়নত বহু বাধা আহি পৰিছে বুলিও সূত্ৰটোৱে সদৰী কৰে।