NORTHEAST NOW (Assamese)
অসম

চামগুৰিত গাওঁ পঞ্চায়তৰ সভাত কংগ্ৰেছ, বিজেপি সমৰ্থকৰ মাজত খণ্ড-যুদ্ধ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা September 1, 2020 7:25 pm
Clash between Congress and BJP supporters in Nagaon's Samaguri

আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমুচাপি আহিছে, সিমানেই নগাঁও জিলাৰ চামগুৰি সমষ্টিত ৰাজনৈতিক বতাহ গৰম হোৱা পৰিলক্ষিত হৈছে৷

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিৰ কাৱৈমাৰী গাওঁ পঞ্চায়তত আজি অনুষ্ঠিত হোৱা এখন গাওঁ সভাত এগৰাকী মহিলাক বহিবলৈ দিয়া এখন চকীক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বিজেপি কৰ্মী সকলৰ মাজত এখন খণ্ড-যুদ্ধৰ আৰম্ভ হয়।

দুয়ো ফৈদৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত কাৱৈমাৰী গাওঁ পঞ্চায়তৰ সভাগৃহৰ বহুসংখ্যক চকী ভাঙি লণ্ডভণ্ড কৰে দুয়ো দলৰ কৰ্মী সকলে৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীসহ এটা আৰক্ষী দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে৷

আনহাতে উক্ত ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, গাওঁ সভাখনত এগৰাকী মহিলাক বহিবলৈ এখন চকী প্ৰদান কৰাক কেন্দ্ৰ কৰি কেইজনমান কংগ্ৰেছীয়ে আপোচ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি কৰ্মী-সমৰ্থকে।

ইফালে সভাখনত উপস্থিত থকা একাংশ বিজেপি কৰ্মী-সমৰ্থকৰ অপ-ব্যৱহাৰক কেন্দ্ৰ কৰিহে কাজিয়াৰ সুত্ৰপাত হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছী সমৰ্থকসকলে।

পৰৱৰ্তী সময়ত পৰিস্থিতি আৰক্ষীৰ দ্বাৰা নিয়ন্ত্ৰণাধীন হ’ল যদিও বৰ্তমানেও অঞ্চলজুৰি এক চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে।