NORTHEAST NOW (Assamese)

সাম্প্ৰদায়িক শক্তিলৈ দৃষ্টান্তমূলক বাৰ্তা : আহেদুল আলীৰ দোকানখন বনাই দিলে সৰভোগৰ ৰাইজে

June 5, 2018 7:44 pm · এন ই নাও নিউজ
Updated: June 5, 2018 7:48 pm
ফটোত চি পি আই (এম)ৰ ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰ সহ অন্যান্যসকলক দোকানখন বনাই থকা অৱস্থাত দেখা গৈছে। ফটো : ফেইচবুকৰ সৌজন্যত।

অসমীয়া সমাজৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ সৌধটোক বাৰে বাৰে বগৰাবালৈ চেষ্টা কৰি থকা সাম্প্ৰদায়িক শক্তিক আজি ভাল শিক্ষা দিলে সৰভোগৰ ৰাইজে। সৰভোগত সাম্প্ৰদায়িক উত্তেজনাৰে উত্তেজিত ৰাইজে পৰহি ভাঙি পেলোৱা আহেদুল আলীৰ দোকানখন আজি সৰভোগৰে একাংশ ৰাইজে পুনৰ বনাই দিলে। তেওঁৰ দোকানখন বনাই দিবৰ বাবে চি পি আই (এম)ৰ নেতৃত্বত স্থানীয় ৰাইজ সদল-বলে ওলাই আহি আজি সম্প্ৰীতিৰ অনন্য দৃষ্টান্ত দাঙি ধৰা কথাটোৱে ছ’চিয়েল মিডিয়াতো ব্যাপক চৰ্চা লাভ কৰিছে।

আহেদুল আলীৰ ফেইচবুক একাউণ্টটোৰ পৰা দিয়া বিতৰ্কিত পোষ্টটো। ফটো : ফেইচবুকৰ সৌজন্যত।

উল্লেখযোগ্য যে দুদিন পূৰ্বে আহেদুল আলীৰ নামত থকা ফেইচবুক একাউণ্টৰ এটা বিতৰ্কিত পোষ্টক কেন্দ্ৰ কৰি অঞ্চলটোৰ হিন্দুত্ববাদীসকলে তেওঁৰ দোকানখন জ্বলাই দিছিল। কিন্তু পিছত আৰক্ষীৰ তদন্তত আচল তথ্য পোহৰলৈ আহে আৰু ‘পাকিস্তান জিন্দাবাদ, হিন্দুস্তান মুৰ্দাবাদ’ বুলি দিয়া বিতৰ্কিত পোষ্টটো আহেদুল আলীৰ একাউণ্ট ব্যৱহাৰ কৰি জ্যোতিষ নাথ নামৰ এজনে দিছিল বুলি ওলাই পৰে। তাৰ পিছতে আহেদুল আলীক আৰক্ষীয়ে মুক্তি দিয়ে। লগতে আচল অপৰাধী জ্যোতিষ নাথক আটক কৰে। জ্যোতিষ নাথে পিছত আৰক্ষীৰ আগত সকলো কথা স্বীকাৰ কৰে।

আজি চি পি আই (এম)ৰ নেতৃত্বত স্থানীয় ৰাইজে নিৰ্দোষী তথা ক্ষুদ্ৰ কুকুৰা ব্যৱসায়ী আহেদুল আলীৰ দোকানখন পুনৰ নিৰ্মাণ কৰি দিয়ে। সৰভোগৰ মানুহৰ এই মহানুভৱতাই অসমৰ সাতামপুৰুষীয়া সাম্প্ৰদায়িক সম্প্ৰীতিৰ ছবিখন অধিক উজ্জ্বল ৰূপত দাঙি ধৰিলে। এই দৃষ্টান্তই অসমত খোপনি ল’ব বিচাৰি থকা সাম্প্ৰদায়িক শক্তিৰ প্ৰতি এটা ডাঙৰ বাৰ্তাও প্ৰেৰণ কৰিব পাৰে।

Related News