NORTHEAST NOW (Assamese)

সাহিত্য একাডেমিৰ উদ্যোগত নতুন দিল্লীত অনুষ্ঠিত হ’ব দুদিনীয়া জনজাতীয় সাহিত্য উৎসৱ

February 10, 2018 9:31 am · এন ই নাও নিউজ
Updated: February 10, 2018 2:39 pm

ভাৰতীয় সাহিত্য বিষয়ক ৰাষ্ট্ৰীয় সংস্থা সাহিত্য একাডেমিয়ে অহা ১২ ফেব্ৰুৱাৰিৰ পৰা ইয়াৰ বাৰ্ষিক সাহিত্য উৎসৱত ‘পূবলৈ চোৱা’ নীতি অনুসৰণ কৰিব। অহা ১২ ফেব্ৰুৱাৰিৰ পৰা ১৭ ফেব্ৰুৱাৰিলৈকে নতুন দিল্লীত এই সাহিত্য উৎসৱ অনুষ্ঠিত হ’ব।

সাহিত্য একাডেমিয়ে নিজৰ পৰম্পৰাগত চৰ্চাৰ পৰা বাহিৰলৈ আহি দুদিনীয়াকৈ এই উৎসৱৰ মাজতে অনুষ্ঠিত কৰিব লোক সাহিত্য তথা জনজাতীয় সাহিত্যৰ উৎসৱ।

বিভিন্ন ভাষাক প্ৰতিনিধিত্ব কৰা ৩০ গৰাকী জনজাতীয় কবিয়ে ইয়াত অংশগ্ৰহণ কৰিব। দেশৰ ৩০০তকৈয়ো কম লোকে ব্যৱহাৰ কৰা ভাষাৰ প্ৰতিনিধয়েও ইয়াত উপস্থিত থাকিব।

এই অনুষ্ঠানত উপস্থিত থাকিবলৈ সন্মতি প্ৰদান কৰা ৩৪ গৰাকী জনজাতীয় কবিৰ ভিতৰত ১৪ গৰাকী প্ৰতিনিধি উত্তৰ পূৰ্বাঞ্চলৰ চুবুৰীয়া ৰাজ্যকেইখন ত্ৰিপুৰা, মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ, অসম আৰু ছিকিমৰ পৰা আহিব।

উত্তৰ পূৰ্বাঞ্চলক মুলসুঁতিৰ সৈতে সম্পৰ্কিত কৰাৰ বাবে কেন্দ্ৰই যথেষ্ট সময় আৰু প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু শাসকীয় বিজেপি দলেও নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মেঘালয় আৰু ত্ৰিপুৰাৰ শাসকীয় চৰকাৰ দুখনক ওফৰোৱাৰ প্ৰয়াস চলাইছে।

এই দুয়োখন ৰাজ্যতে জনজাতীয় ভোটাৰসকলে কোনফালে ঢাল খায় সেয়া নিৰ্বাচনী ফলাফলে স্পষ্ট কৰিব।

এই সাহিত্য উৎসৱত প্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰিবলগীয়া ভাষাসমূহৰ ভিতৰত আছে ছিকিমৰ ভূটিয়া, মণিপুৰৰ মাৰম আৰু মাও, অৰুণাচল প্ৰদেশৰ নিয়িশি আৰু টটোৰ দেশখনত মাত্ৰ ৩০০ মানকৈহে ভাষাটো কোৱা লোক আছে।

Related News