NORTHEAST NOW (Assamese)

সীমান্ত অঞ্চল উন্নয়ন আঁচনিৰ অধীনত ১৬৭ কোটি টকা লাভ উত্তৰ পূবৰ চাৰিখন ৰাজ্যৰ

December 27, 2017 7:13 pm · এন ই নাও নিউজ

উত্তৰ পূবৰ চাৰিখনকৈ ৰাজ্য অসম, মেঘালয়, ছিকিম আৰু ত্ৰিপুৰাই সীমান্ত অঞ্চল উন্নয়ন আঁচনি (BADP)ৰ অধীনত গৃহ মন্ত্ৰ্যালয়ৰ পৰা ১৬৭ কোটি টকা লাভ কৰিছে। উল্লেখযোগ্য যে অসম, মেঘালয় আৰু ত্ৰিপুৰাৰ বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা সংলগ্ন হৈ থকাৰ বিপৰীতে নেপাল আৰু ভুটানৰ লগত ছিকিমে আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি আছে।

উত্তৰ পূৰ্বাঞ্চলৰ উক্ত ৰাজ্য কেইখনৰ বাহিৰেও পাঞ্জাব, ৰাজস্থান, বিহাৰ, হিমাচল প্ৰদেশ আৰু পশ্চিম বংগ আদি ৰাজ্যয়ো আঁচনি খনৰ পৰা উপকৃত হ’ব। ইয়াৰে পাঞ্জাব আৰু ৰাজাস্থানে পাকিস্তানৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰি থকাৰ বিপৰীতে পশ্চিম বংগই বাংলাদেশৰ লগত, হিমাচল প্ৰদেশে চীনৰ লগত আৰু বিহাৰে নেপালৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰে।

মন কৰিবলগীয়া যে ১৭ খন ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ০-১০ কি.মি পৰিসৰৰ ভিতৰত পৰা সকলো গাঁৱকে কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰা সীমান্ত অঞ্চল উন্নয়ন আচনিয়ে সামৰি ল’ব। অৱশ্যে এইক্ষেত্ৰত আন্তগাঠনিৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে সীমান্ত সুৰক্ষা বাহিনীয়ে চিনাক্ত কৰা গাওঁ সমুহক অগ্ৰাধিকাৰ দিয়া হ’ব। প্ৰাপ্ত তথ্য অনুসৰি সীমান্ত অঞ্চল উন্নয়ন আঁচনিৰ অধিনত মঞ্জুৰ হোৱা স্কীম সমুহে স্বচ্ছতা মিছন, দক্ষতা বিকাশ আঁচনি, ক্ৰীড়াৰ প্ৰসাৰ, গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ, সীমান্ত  পৰ্যটনৰ সৈতে জড়িত কাৰ্যসমুহক সামৰি ল’ব।

 

Related News