NORTHEAST NOW (Assamese)

সুস্থ হৈ অসমলৈ উভতিল কণমানি স্নিগ্ধৰাগ

November 29, 2017 1:12 pm · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
মাকৰ কোলাত সুস্থ কণমানি স্নিগ্ধাৰাগ।

প্ৰায় তিনি মাহৰ পিছত কালি সুস্থ হৈ দিল্লীৰ পৰা অসমত উপস্থিত কণমানি স্নিগ্ধৰাগ। ৩ মাহ ধৰি দিল্লীৰ গংগাৰাম হাস্পতালত চিকিৎসাধীন হৈ আছিল শিশুটি।অস্ত্ৰোপচাৰৰ পিছত সুস্থ হৈ উঠিছে স্নিগ্ধৰাগ। গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালত ৩ দিন ৰখা হ’ব স্নিগ্ধৰাগক। স্নিগ্ধৰাগৰ বাবে গুৱাহাটীত প্ৰথমবাৰলৈ নিৰ্মাণ কৰা হৈছিল গ্ৰীন কৰিডৰৰ ব্যৱস্থা। প্ৰতীক্ষা হাস্পতালৰ পৰা বিমানবন্দৰলৈ গ্ৰীন কৰিডৰ নিৰ্মাণ কৰা হৈছিল কণমানিটিৰ বাবে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই পদক্ষেপত পৰিয়ালৰ লোক অত্যন্ত সুখী বুলি জানিব পৰা গৈছে আৰু তেওঁৰ প্ৰতি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে পৰিয়ালৰ লোকে।

Related News