NORTHEAST NOW (Assamese)
অসম

সু-শাসন : দেশৰ ভিতৰত অষ্টাদশ স্থানত অসম

Posted by: এন ই নাও নিউজ July 23, 2018 8:04 am
sonowal-7592

সম উন্নয়ন,দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা আৰু বিকাশৰ শ্ল’গানেৰে ৰাজ্যত শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাইজক সু-শাসন আগবঢ়াবলৈ সক্ষম হৈছেনে? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে ৰাজ্যখনত সু-শাসনৰ ক্ষেত্ৰত কিমান সফলতা লাভ কৰিছে সেয়া জানিবলৈ সকলোৱে আগ্ৰহী হৈ থকাৰ সময়তে সু-শাসনৰ ক্ষেত্ৰত অসমৰ স্থানে সকলোকে আচৰিত কৰি তুলিব পাৰে।

শেহতীয়া এক সমীক্ষাত সু-শাসনৰ ক্ষেত্ৰত ৰাজ্যখনে লাভ কৰা তালিকাৰ স্থানে     সম্পূৰ্ণ হতাশাজনক ছবি এখন দাঙি ধৰিছে। দেশৰ এটি আগশাৰীৰ সংস্থাই চলোৱা সমীক্ষাৰ আধাৰত যুগুত কৰা সুশাসিত ৰাজ্যৰ তালিকাত অসমে অষ্টাদশ স্থানহে লাভ কৰিবলৈ সক্ষম হৈছে।

বাংগালোৰৰ পাব্লিক এফেয়াৰ্ছ চেন্টাৰ (পি এ চি) য়ে শনিবাৰে প্ৰকাশ কৰা সুশাসিত ৰাজ্যৰ তালিকাত বাওঁপন্থী দলৰ শাসিত ৰাজ্য কেৰালাই শীৰ্ষস্থান লাভ কৰিছে। দেশৰ এগৰাকী প্ৰখ্যাত অৰ্থনীতিবিদ প্ৰয়াত চেমুৱেল প’লে ১৯৯৪ চনত প্ৰতিষ্ঠা কৰা পাব্লিক এফেয়াৰ্ছ চেন্টাৰ নামৰ সংস্থাটোৱে দিল্লীত প্ৰকাশ কৰা সুশাসিত ৰাজ্যৰ তালিকাত কেৰালাৰ পিছতে দ্বিতীয় স্থান লাভ কৰিছে তামিলনাডুৱে।

আনহাতে, সংস্থাটোৱে শেহতীয়াভাৱে প্ৰকাশ কৰা সুশাসিত ৰাজ্যৰ তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাট আছে পঞ্চম স্থানত। সংস্থাটোৱে ২০১৬ চনৰে পৰা প্ৰকাশ কৰি অহা এই সুশাসিত ৰাজ্যৰ তালিকাত বিভিন্ন দিশ সামৰি লোৱা হয়।

আৰ্থ-সামাজিক ক্ষেত্ৰত বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত ব্যৱধান স্পষ্ট হৈ থকা উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু বিহাৰে সুশাসিত ৰাজ্যৰ তালিকাৰ শেষৰফালে স্থান লাভ কৰিছে। দেশৰ ৩০ খন ৰাজ্যৰ ভিতৰত অন্তিম স্থানত আছে বিহাৰ।

দুই কোটিতকৈ কম জনসংখ্যাৰ তুলনামূলকভাৱে সৰু ৰাজ্যসমূহৰ ভিতৰত হিমাচল প্ৰদেশে সুশাসিত ৰাজ্য হিচাপে শীৰ্ষস্থান লাভ কৰিছে। হিমাচল প্ৰদেশৰ পিছতে গোৱা আৰু মিজোৰামে স্থান পোৱাৰ বিপৰীতে চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰিছে ক্ৰমে ছিকিম আৰু ত্ৰিপুৰাই।

আনহাতে, সুশাসিত ক্ষুদ্ৰ ৰাজ্যৰ তালিকাৰ শেষৰফালে স্থান লাভ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য ক্ৰমে নাগালেণ্ড, মণিপুৰ আৰু মেঘালয়ে।

দেশৰ আটাইকেইখন ৰাজ্য সামৰি পাব্লিক এফেয়াৰ্ছ চেন্টাৰ নামৰ সংস্থাটোৱে চলোৱা এই সমীক্ষাত অত্যাৱশ্যকীয় আন্ত:গাঁথনি, ৰাইজৰ উন্নয়নৰ প্ৰতি সুদৃষ্টি, সামাজিক সুৰক্ষা, মহিলা তথা শিশুৰ বাবে পৰিৱেশ তথা আইন-শৃংখলাকে ধৰি মুঠ ১০ টা বিষয় বিশেষভাৱে সামৰি লৈছিল।

দুৰ্বাগ্যজনকভাৱে, এনে সমীক্ষাৰ আধাৰত যুগুত কৰি উলিওৱা সুশাসিত ৰাজ্যৰ তালিকাত অষ্টাদশ স্থান লাভ কৰি অসমে এক হাতাশাজনক ছবি দাঙি ধৰিছে।