NORTHEAST NOW (Assamese)
অসম

সৃষ্টি নগৰৰ নিৰ্মাণকাৰ্য্য বন্ধৰ নিৰ্দেশ : তদন্ত ঘোষণা কামৰূপ জিলা প্ৰশাসনৰ

Posted by: এন ই নাও নিউজ March 14, 2018 7:49 am
Atul Bora

চূণচালিত পাহাৰ কাটি চলাই থকা বিশাল নগৰ এলেকাৰ নিৰ্মাণকাৰ্য্য বিৰুদ্ধে খোদ শাসকীয় দলৰ বিধায়ককে ধৰি বিভিন্ন পক্ষ সৰৱ হৈ পৰাত চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হ’ল।

এক নিৰ্দেশযোগ্য কামৰূপ মহানগৰ প্ৰশাসনে এই অঞ্চলটোত সৃষ্টি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পমেণ্ট ক’ৰ্প’ৰেইশ্যনে তিনিটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ সহযোগত চলাই থকা নিৰ্মাণকাৰ্য্য সাময়িকভাৱে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে প্ৰশাসনে গোটেই বিষয়টোৰ এক তদন্তও দিছে।

জানিব পৰামতে, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱদীপ পাঠকক এই নিৰ্মাণকাৰ্য্য সন্দৰ্ভত অনুসন্ধান কৰি সাতদিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব। অতিৰিক্ত উপায়ুক্তজনক সহায় কৰিব গুৱাহাটীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, কামৰূপ পূব মণ্ডলৰ ডি এফ অ’ই।

উল্লেখযোগ্য যে ইক’ ছেনছিটিভ জ’ন হিচাপে চিহ্নিত চূণচালিৰ চাহবাগিচাৰ সমীপৰ পাহাৰ ব্যাপকৰূপত কাটি প্ৰায় ৬ হাজাৰ বিঘা ভূমিক সামৰি সৃষ্টি নগৰ নামৰ এটা নতুন বিলাসী আৱাসিক এলেকা নিৰ্মাণ কৰি থকা হৈছে। জানিব পৰামতে বুলবুল চৌধুৰী নামৰ এজন লোকৰ পৰা ৬৫০ বিঘা মাটি কিনি আৰু ইয়াৰ সৈতে দাঁতিকাষৰীয়া পাহাৰ আৰু নদীৰ এক বৃহৎ অংশ সামৰি নিৰ্মাণকৰ্তা প্ৰতিষ্ঠানটোৱে এই নগৰখন নিৰ্মাণ কৰি আছে। এই প্ৰায় ৬ হাজাৰ বিঘা মাটিৰ বাবে পাহাৰৰ বৃহৎ অংশ এটা কাটি সমান কৰি পেলোৱা হৈছে। লগতে নদীৰ এক অংশও পুতি পোলোৱা বুলি অভিযোগ উঠিছে। জানিব পৰামতে ইয়াত বৃহৎ বৃহৎ অট্টালিকাৰ উপৰি মহানাগৰিক জীৱনৰ অন্যান্য সকলো সা-সুবিধাৰ লগতে থাকিব স্কুল, চিকিৎসালয়, ক্লাব আদিও।

মন কৰিব লগীয়া যে যোৱা ১০ মাৰ্চত শাসকীয় দলৰে এজন বিধায়ক অতুল বৰাই সংবাদমেল পাতি এই সৃষ্টি নগৰৰ নিৰ্মাণকাৰ্য্য অবৈধ আৰু প্ৰকৃতি ধ্বংসৰ নামান্তৰ বুলি ৰাজহুৱাভাৱে অভিযোগ কৰিছিল আৰু চৰকাৰক ইয়াৰ বিৰুদ্ধে ৪৮ ঘণ্টাৰ ভিতৰত ব্যৱস্থা ল’বলৈ দাবী জনাইছিল। তেওঁ এই পাহাৰ ধ্বংস অবাধে চলি থাকিব পৰাৰ অন্তৰালত চৰকাৰী পৃষ্ঠপোষকতাৰ গোন্ধ পোৱা বুলি স্পষ্টকৈ কয়। তেওঁক সমৰ্থন দিছিল কৃষক মুক্তিৰ লগতে আন কিছুমান দল-সংগঠনেও।

আনহাতে অঞ্চলটোত বহু বছৰৰ পৰা বাস কৰি অহা প্ৰায় ২০ হাজাৰ পৰিয়ালে দাবী কৰি অহা সত্ত্বেও নিজৰ ভেটিটো থকা মাটিৰো পট্টা নোপোৱাৰ পিছত চৌধুৰী উপাধিৰ ব্যক্তিজনে একেই অঞ্চলত ৬৫০ বিঘাকৈ মাটিৰ পট্টা কেনেকৈ পালে বুলিও প্ৰশ্ন কৰিছে বহুতে।