NORTHEAST NOW (Assamese)
অসম

ধেমাজিত জীয়াঢল নদীত ৩ জন লোক সন্ধানহীন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 4, 2021 3:21 pm
3 people missing in Dhemaji Jiyadhal river

আজি দুপৰীয়া ধেমাজিৰ জিয়াঢল নদীত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা।

জানিব পৰা মতে ধেমাজিৰ জীয়াঢল নদীত ১০ জন লোক নদীত বাগৰি পৰে আৰু তেওঁলোকৰ তিনিজন পানীৰ দ্ৰুত সোঁতত উটি যায়।

সূত্ৰ অনুসৰি সন্ধানহীন হোৱা তিনিজন লোক ক্ৰমে কেকাই নাৰাহ, জগু মিলি আৰু শৈলাৰাম পায়েং বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক তিনিওজন ধেমাজিৰ বাসিন্দা।

সোমবাৰে দুপৰীয়া অৰুণাচল প্ৰদেশৰ পৰা মেলাঙলৈ ব্যক্তি কেইজনে বাঁহ কঢ়িয়াই থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।

১০ জন ব্যক্তিৰ ভিতৰত ৭ জন ব্যক্তিয়ে সাঁতুৰি তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় আৰু বাকী তিনিজনক পানীৰ সোঁতে উটুৱাই নিয়ে।

বৰ্তমানলৈকে উটি যোৱা ব্যক্তি কেইজনৰ কোনো সন্ধান পোৱা নাই।