NORTHEAST NOW (Assamese)

সোণোৱালক লগ ধৰিলে নাগালেণ্ডৰ মুখ্য মন্ত্ৰীয়ে : বিভিন্ন সমস্যাৰ ক্ষেত্ৰত উমৈহতীয়া ৰণনীতিৰ পোষকতা

January 1, 2018 7:17 pm · এন ই নাও নিউজ

নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াং আজি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে তেওঁৰ গুৱাহাটীৰ চৰকাৰী বাসভৱনত এক বৈঠকত মিলিত হয়। দুয়োখন ৰাজ্যৰ মাজত যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে এক উমৈহতীয়া পৰিকল্পনা তৈয়াৰ কৰাৰ বাবে দুয়ো গৰাকী মুখ্য মন্ত্ৰীয়ে উক্ত বৈঠকত আলোচনা কৰে।

উক্ত আলোচনাত অন্যান্য বিষয়ৰ উপৰি এক্ট ইষ্ট পলিচিৰ আধাৰত উত্তৰ পূৰ্বাঞ্চলৰ বাবে নতুন ঔদ্যোগিক নীতি আৰু অঞ্চলটোৰ বাঢ়ি অহা নিবনুৱা সমস্যা সমাধানৰ উপায় বিষয়ক আলোচনায়ো স্থান পায়।

যুৱক-যুৱতী সকলৰ বিকাশৰ বাবে এক উমৈহতীয়া পথ নল’লে নিবনুৱা সমস্যা নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব বুলি উক্ত আলোচনাই সিদ্ধান্ত কৰে।

অদূৰ ভৱিষ্যতে এনে উমৈহতীয়া কাৰ্যসূচী তৈয়াৰ কৰাৰ বাবে চুবুৰীয়া ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে আলোচনাত মিলিত হ’বলৈ দুয়ো গৰাকী মুখ্য মন্ত্ৰীয়ে সন্মতি প্ৰকাশ কৰে।

Related News