NORTHEAST NOW (Assamese)
অসম

সোণোৱাল মন্ত্ৰীসভা সম্প্ৰসাৰণ : দুই এদিনতে আহিব ‘ভাল খবৰ’

Posted by: ৰাজীব ৰয় April 21, 2018 11:14 pm
CM directs for new set of Building Bye-Laws within October 31

অসম মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাবে বিজেপি সভাপতি অমিত শ্বাহৰ সৈতে বৈঠকত অনুমতি ল’লে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বিজেপিৰ ৰাষ্ট্ৰীয় মুখ্য কাৰ্য্যালয়ত শুকুৰবাৰে অনুষ্ঠিত বৈঠকখনত মুখ্য মন্ত্ৰী সোণোৱালৰ লগতে জ্যেষ্ঠ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱো উপস্থিত আছিল।

বৈঠকখনৰ পৰা ওলাই আহিয়ে ‘অহা দুই এদিনৰ ভিতৰতে অসমৰ ৰাইজে ভাল খবৰ পাব’ বুলি মন্ত্ৰী শৰ্মাই মন্তব্য কৰে।

বৈঠকখন সম্পৰ্কে অৱশ্যে অধিক জনোৱাৰ পৰা বিৰত থাকে মন্ত্ৰীজন।

সূত্ৰ অনুসৰি অগপ আৰু বিপিএফৰ এজনকৈ ধৰি মুঠ ৫ৰ পৰা ৬ গৰাকী মন্ত্ৰী অসম মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হ’ব।

বিজেপিৰ এজন নেতাই জনোৱা মতে ‘অসমত বিজেপিৰ মিত্ৰসকলক দলৰ নেতৃত্বই যথাযোগ্য গুৰুত্ব দিছে।’

নাগৰিকত্ব বিধেয়ক, ২০১৬ক লৈ হোৱা অসমৰ পৰিস্থিতি সম্পৰ্কেও বৈঠকত আলোচনা হয় বুলি জানিব পৰা গৈছে।