NORTHEAST NOW (Assamese)
অসম

সোপাধৰাৰ অপপ্ৰচাৰঃ আৰ এছ এছ-বিজেপিলৈ সন্দেহৰ আঙুলি কিয়?

Posted by: অনিৰ্বাণ পাঠক June 14, 2018 6:36 am
social-media-strategy-266x200-570x320

কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পানজুৰি গাঁৱত ‘সোপাধৰা’ৰ সন্দেহত নীলোৎপল দাস আৰু অভিজিৎ  নাথ নামৰ দুগৰাকী প্ৰতিভাৱান যুৱকক এদল উন্মত্ত লোকে নৃশংসভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে ‘সোপাধৰা’ৰ আতংক বিয়পোৱাৰ আঁৰত বিজেপি আৰু আৰ এছ এছৰ চক্ৰান্ত থকাৰ সন্দেহ প্ৰকাশ পাইছে।  ইতিমধ্যে এই সন্দেহ ব্যক্ত কৰি বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে।

বিজেপি আৰু আৰ এছ এছ লৈ আঙুলি টোৱাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে কয়, ‘আৰ এছ এছ আৰু বিজেপিৰ ফেইচবুক আৰু ৱাটচ এপ একাউন্টৰ পৰাই এইধৰণৰ অপপ্ৰচাৰ হৈছে। নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে ব্যাপক ৰূপত অসমৰ ৰাইজ একত্ৰিত হোৱাত এই বিষয়টো তল পেলাবলৈ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ আগমূহুৰ্তত অসমত অস্থিৰতাৰ পৰিবেশ সৃষ্টি কৰিবলৈ যেন আৰ এছ এছ-বিজেপিয়ে চেষ্টা কৰিছে।‘

অখিল গগৈয়ে অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ঠাইত আৰ এছ এছ আৰু বিজেপিয়ে অতি পৰিকল্পিতভাৱে এনেধৰণৰ অপপ্ৰচাৰ চলাই থকা বুলি মন্তব্যত প্ৰকাশ কৰে। তেওঁ অসমত ‘সোপাধৰা’ৰ অপপ্ৰচাৰ বিয়পোৱা ফেইচবুক আৰু ৱাটচ এপ একাউন্টকেইটা পূৰ্বতে বিজেপিৰ প্ৰচাৰত ব্যৱহৃত হোৱা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। গগৈয়ে ‘বৰ্ণালী পেগু’ আৰু ‘ফণীধৰ বৰুৱা জিন্দাবাদ’ নামত থকা একাউন্ট দুটাৰ পৰা এই উৰাবাতৰি প্ৰচাৰ হোৱাৰো তথ্য দাঙি ধৰে।

অখিল গগৈয়ে এই সন্দৰ্ভত তদন্তৰ দাবী কৰি মহানগৰীৰ চানমাৰি থানাৰ জৰিয়তে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ যোৱা ১০ জুনত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে ‘ফণীধৰ বৰুৱা জিন্দাবাদ’ নামৰ ৱাটচ এপ গ্ৰুপটোত ‘সোপাধৰা’ৰ অপপ্ৰচাৰ কৰা বৰ্ণালী পেগু এগৰাকী বিজেপি নেত্ৰী বুলি মন্তব্য কৰিছে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই।

ইপিনে অখিল গগৈৰ সৈতে একেই মন্তব্য কৰিছে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহাইয়ে। ড০ গোঁহাইয়ে এই ক্ষেত্ৰত বিজেপিলৈ আঙুলি টোৱাই কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন দল-সংগঠন, জাতি-জনজাতি ঐক্যবদ্ধ হৈছে, মোৰ দৃঢ় বিশ্বাস এই সময়ত মানুহৰ  মাজত ঐক্য-সম্প্ৰীতি বিনষ্ট কৰিবলৈ তেওঁলোকে এই কৌশল অৱলম্বন কৰি বিধেয়কখন গৃহীত কৰাব বিচাৰিছে।‘ তেওঁ লগতে কাৰ্বি আংলঙৰ ঘটনা অতি পৰিকল্পিত আৰু কৌশলপূৰ্ণ বুলিও মন্তব্য কৰে।

ইপিনে, অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ উপ সভাপতি প্ৰদ্যুত বৰদলৈয়ে এই অপপ্ৰচাৰত বিজেপি বা আৰ এছ এছ জড়িত আছে নে নাই তাৰ কোনো প্ৰমাণ নাই বুলি উল্লেখ কৰি কয়, ‘এই কথা নুই কৰিব নোৱাৰি। কিয়নো, এনেধৰণৰ প্ৰৰোচনামূলক কাম কৰাত বিজেপি আৰু আৰ এছ এছ সিদ্ধহস্ত।‘

আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে এই সন্দৰ্ভত কয়, ‘কাৰ্বি আংলঙৰ ঘটনাটো সংঘটিত কৰাত বা উৰাবাতৰি বিয়পোৱাত কাৰ হাত আছে সেইটো ক’ব নোৱাৰিম কিন্তু এই ঘটনাটোৰ আলম লৈ কেইবাটাও অপশক্তি সক্ৰিয় হৈ পৰিছে। এটা চামে ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা চলাইছে।‘ তেওঁ লগতে কয় যে এটা শক্তিয়ে হিন্দুক সংস্থাপিত কৰিব খোজে আৰু এচামে মুছলমান বাংলাদেশীকো খেদিব নোখোজে। তেওঁ লগতে এই ঘটনাৰ আলম লৈ খিলঞ্জীয়াৰ মাজত বিদ্বেষৰ ভাৱ সৃষ্টিৰো চেষ্টা চলি থকাৰ সন্দেহ ব্যক্ত কৰে।

ইয়াৰ উপৰিও দীপাংক নাথে যোৱা ১১ জুনত আছুৰ ভুৱা পেড ব্যৱহাৰ কৰি ‘অসম বন্ধ’ ঘোষণা কৰা দুষ্কৃতিকাৰীজন কোন সংগঠনৰ সেয়া স্পষ্ট কৰিব পাৰিলেও এই তথ্য পোহৰলৈ আহিব পাৰে বুলি মন্তব্য কৰে।

আনহাতে, বিজেপিলৈ সন্দেহৰ আঙুলি যোৱা বিষয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক সোধাত তেওঁ এই বিষয়ত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে। তেওঁ কয়,  “এইবিলাক ভিত্তিহীন কথা, ভিত্তিহীন কথাৰ মই মন্তব্য নিদিও।”