NORTHEAST NOW (Assamese)
অসম

সোপাধৰাৰ উৰাবাতৰিঃ ডকমকাত উন্মত্ত লোকৰ জিঘাংসাৰ বলি দুই অসমীয়া যুৱক

Posted by: এন ই নাও নিউজ June 9, 2018 1:12 pm
youth

বিগত কেইবাদিনো ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সোপাধৰাৰ উৰা বাতৰিয়ে আতংকৰ সৃষ্টি কৰি থকাৰ মাজতে শুকুৰবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডকমকাত সোপাধৰাৰ সন্দেহত দুজন লোকক স্থানীয় ৰাইজে মৰিয়াই হত্যা কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত ডকমকা থানাৰ অন্তৰ্গত ডেনগাঁও পাণজুৰি কছাৰী গাঁৱত সংঘটিত হয় এই নৃশংস ঘটনা। উল্লেখযোগ্য যে গাঁৱখনত এখন বলেৰে’ গাড়ীৰে দুজন যুৱকে প্ৰৱেশ কৰিছিল।

এই অচিনাক্ত যুৱক দুজনক দেখি স্থানীয় লোকে সোপাধৰা বুলি সন্দেহ কৰে আৰু বিভিন্ন প্ৰশ্নৰে দুয়োকে ব্যতিব্যস্ত কৰি তোলে। যুৱক দুজনে সঠিক উত্তৰ দিব নোৱৰাত স্থানীয় ৰাইজে তেওঁলোকক নিৰ্মলভাৱে প্ৰহাৰ কৰে।

তীব্ৰ গণপ্ৰহাৰত অচিনাক্ত যুৱক দুজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে। এই ঘটনাক লৈ সম্প্ৰতি অঞ্চলটোত উত্তেজনা অব্যাহত আছে। জানিব পৰা মতে পেচাত ছাউণ্ড ইঞ্জিনীয়াৰ অভিজিৎ নাথ আৰু নিলোৎপল দাস নামৰ গুৱাহাটীৰ যুৱক দুজনে ডকমকালৈ ফুৰিবলৈ গৈছিল।

সম্প্ৰতি এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। কেৱল সন্দেহৰ বশৱৰ্তী হৈ উন্মত্ত জনতাই কোবাই কোবাই নিৰপৰাধী যুৱক দুজনক হত্যা কৰা বিষয়টোৱে লজ্জানত কৰিছে সভ্য সমাজক।