NORTHEAST NOW (Assamese)
অসম

 ৰঙা চীনক ৰুধিবলৈ নাছা-ইছৰ’ৰ নতুন অভিযান— ‘মিছন ব্ৰহ্মপুত্ৰ’

Posted by: এন ই নাও নিউজ April 2, 2018 1:29 pm
brahmaputra

মহাবাহু ব্ৰহ্মপুত্ৰক লৈ ৰঙা চীনৰ অভিসন্ধি ৰুধিবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰে গোপনে এক গুৰুত্বপূৰ্ণ চুক্তি সম্পাদন কৰিছে ভাৰতে।

মাৰ্কিন গৱেষণা সংস্থা ‘নেশ্যনেল এৰ’নটিকছ এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন’ ( নাছা ) আৰু ভাৰতীয় গৱেষণা সংস্থা ‘ইণ্ডিয়ান স্পেচ ৰিছাৰ্ছ অৰ্গেনাইজেশ্যন’ ( ইছৰো )ৰ মাজত স্বাক্ষৰিত চুক্তিখনৰ নাম হৈছে ‘নিছাৰ’ । যাৰ জৰিয়তে চীনৰ সীমাত থকা বৰলুইতৰ উজনি অংশত দিনে-নিশাই চকু ৰাখিবলৈ সংস্থাপন কৰা হ’ব এটা অত্যাধুনিক প্ৰযুক্তিসম্পন্ন কৃত্ৰিম উপগ্ৰহ।

উল্লেখযোগ্য যে ‘নিয়মীয়া বাৰ্তা’ নামৰ আগশাৰীৰ বাতৰি কাকতখনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ‘নিছাৰ’ৰ সম্পূৰ্ণ নাম দিয়া হৈছে ‘নাছা-ইছৰো ছিন্থেটিক এপাৰাচাৰ ৰাডাৰ’। উপগ্ৰহটোৰ নামকৰণো কৰা হৈছে ‘নিছাৰ’ ৰূপে। প্ৰায় ৯৬০ মিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৬,২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত তথা ২০২১ চনৰ ভিতৰত কক্ষপথত স্থাপন কৰিবলগীয়া ’নিছাৰ’ হ’বগৈ পৃথিৱীক প্ৰদক্ষিণ কৰিব পৰাকৈ দ্বৈত তৰংগযুক্ত প্ৰথমটো ‘ৰাডাৰ ইমেজিং ছেটেলাইট’।

প্ৰকাশিত বাতৰি মতে মাত্ৰ ১২ দিনৰ ভিতৰত ‘নিছাৰে’ পৃথিৱীক প্ৰদক্ষিণ কৰিব পাৰিব। অৰ্থাৎ ১২ দিনৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে যদি কোনো ধৰণৰ নতুন নিৰ্মাণকাৰ্য চলাবলৈ তৎপৰ হয় তেন্তে সেয়া ধৰা পেলাব উপগ্ৰহটোৱে।

কেইটামান ছেকেণ্ডৰ বাবেও যদি চীনে ব্ৰহ্মপুত্ৰ কিম্বা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত কোনো ধৰণৰ নিৰ্মাণকাৰ্যত ব্ৰতী হয় তেনেহ’লে নিছাৰৰ ‘বেক-আপ’ প্ৰযুক্তিৰে সেয়াও ধৰা পেলাব পৰা যাব।

প্ৰসংগক্ৰমে ‘ইছৰো’ আৰু ’নাছা’ৰ মাজত অলপতে স্বাক্ষৰিত এই চুক্তিখন পোহৰলৈ আনিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থাটোৰ ‘জেট প্ৰপালছন লেব’ৰ সহকাৰী অধ্যক্ষ লেৰী জেমছে। নতুন দিল্লীত ভাৰতীয় থিংক টেংক অৱজাৰ্ভাৰ ৰিছাৰ্চ ফাউণ্ডেশ্যনে শেহতীয়াকৈ আয়োজন কৰা ‘ভাৰত-মাৰ্কিন মহাকাশ সহযোগিতা’ শীৰ্ষক আলোচনা-চক্ৰত জেমছে দুই শীৰ্ষ মহাকাশ গৱেষণা সংস্থাৰ মাজত সম্পাদিত চুক্তিখন ৰাজহুৱা কৰে।

জেমছে কেৱল ব্ৰহ্মপুত্ৰক লৈ চীনৰ অভিসন্ধিক ৰুধিবলৈ ‘নিছাৰ’ চুক্তি সম্পাদিত হোৱা বুলি উল্লেখ কৰিছে যদিও এই চুক্তিৰ আঁৰত আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্নিবিষ্ট হৈ থকাৰ সম্ভাৱনা আছে।

লক্ষণীয়ভাৱে জেমছে চুক্তিখন সম্পূৰ্ণৰূপে অসামৰিক চুক্তি বুলি বাৰম্বাৰ উল্লেখ কৰিছে। কিন্তু ‘নিছাৰ’ প্ৰকল্পৰ মিছন মেনেজাৰ অলক চেটাৰ্জীয়ে কোনো লুক-ঢাক নৰখাকৈ কয় যে বেইজিঙে ব্ৰহ্মপুত্ৰৰ প্ৰসংগৰে দিল্লীৰ বিৰুদ্ধে জলযুদ্ধৰ প্ৰস্তুতি চলাই আছে। পিছে যুদ্ধ কেতিয়াও অসামৰিক বিষয় হ’ব নোৱাৰে। সেয়েহে ‘ইছৰো’ আৰু ‘নাছা’ৰ মাজত স্বাক্ষৰিত চুক্তি মৰ্মে ‘নিছাৰ’ প্ৰকল্প এটি অসামৰিক বিষয় যদিও ব্ৰহ্মপুত্ৰৰ গতিবিধিৰ ওপৰত চকু ৰখাৰ উপৰি চীন-ভাৰত সীমান্তত ‘নিছাৰ’-এ চোৰাংচোৱা হিচাপেও কাম কৰিব পৰাকৈ সক্ষম।আনহাতে উপগ্ৰহটোৱে মহাকাশৰ পৰা ‘থ্ৰী ডাইমেনচশ্যনেল’ ছবি প্ৰেৰণ কৰিব পাৰিব।