NORTHEAST NOW (Assamese)

সোমবাৰে মঙলদৈবাসীয়ে সম্বৰ্ধনা জনাব বিশিষ্ট ইংৰাজী লেখক অৰূপ কুমাৰ দত্তক

February 11, 2018 6:25 pm · ময়ুখ গোস্বামী
Updated: February 11, 2018 6:26 pm

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি প্ৰাপ্ত প্ৰসিদ্ধ ইংৰাজী লেখক তথা সাংবাদিক অৰূপ কুমাৰ দত্ত এই বৰ্ষৰ পদ্মশ্ৰী সন্মানৰ বাবে মনোনীত হোৱা কাৰণে সোমবাৰে সন্ধিয়া মঙলদৈবাসীয়ে লেখকগৰাকীক ৰাজহুৱা সম্বৰ্ধনা জনাব।

মঙলদৈ সংবাদ গোষ্ঠীয়ে বিশিষ্ট ইংৰাজী লেখকগৰাকীক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে মঙলদৈ সনাতন ধৰ্ম সভাগৃহত সোমবাৰে সন্ধিয়া এক বিশেষ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে।

উল্লেখযোগ্য যে অৰূপ কুমাৰ দত্ত গুৱাহাটীৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু তেওঁ ৩০ খনতকৈয়ো অধিক গ্ৰন্থ ৰচনা কৰিছে।

ইয়াৰ উপৰি ১৯৭৯ চনত শংকৰ বঁটা লাভ কৰাৰ লগতে তেওঁ আন বহুকেইটা বঁটা লাভ কৰিবলৈও সক্ষম হৈছে।

আনহাতে তেওঁ লিখা উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল ‘দ্য ব্ৰহ্মপুত্ৰ’, ‘চা গৰম : দ্য টি ষ্ট’ৰী’, ইউনিকৰ্ণিছ : দ্য গ্ৰেট ইণ্ডিয়ান ৰাইন’চৰাছ। প্ৰসিদ্ধ লেখকগৰাকীয়ে বিভিন্ন বিষয়ৰ গ্ৰন্থৰ উপৰি সংগীতজ্ঞ, গায়ক তথা চলচ্চিত্ৰ নিৰ্মাতা ভূপেন হাজৰিকাৰ এখন জীৱনীমূলক গ্ৰন্থ ‘দ্য ৰ’ভিং মিনিষ্ট্ৰেল’ও ৰচনা কৰে। ‘অংগৰিকা’ছ ছোৱনাছং’ হৈছে দত্তৰ এখন উপন্যাস।

পদ্মশ্ৰী বঁটাৰ বাবে মনোনীত হোৱা এই প্ৰসিদ্ধ লেখকগৰাকীয়ে তেওঁক দিয়া সন্মানৰ বাবে যথেষ্ট আনন্দিত বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

সোমবাৰে অনুষ্ঠিত হ’বলগীয়া সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট লেখক ধ্ৰুব হাজৰিকাৰ লগতে অন্যান্য বহুতো লোক উপস্থিত থাকিব।

Related News