NORTHEAST NOW (Assamese)
অসম

স্বচ্ছ ভাৰত মিচনৰ অধীনত ডিমৌত স্বচ্ছতা সম্পৰ্কে সজাগতা সভা

Posted by: হিতোজ্বল চেতিয়া March 19, 2018 4:48 pm
Cleanliness program at Dimou

ডিমৌ নগৰ সমিতিৰ উদ্যোগত স্বচ্ছ ভাৰত মিচনৰ অধীনত স্বচ্ছতা সম্পৰ্কে সজাগতা অনাৰ উদ্দেশ‍্যে চলি থকা এলানি সজাগতা সভাৰ সৈতে সংগতি ৰাখি আজি দিনৰ ভাগত ডিমৌ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়।

সভাত উপস্থিত থাকে ডিমৌৰ ৰাজহ চক্ৰ বিষয়া শ্ৰীযুতা মনোৰমা মৰাং, স্বচ্ছ ভাৰত অভিযানৰ ডিমৌ নগৰ সমিতিৰ ব্ৰেণ্ড এম্বেছাদৰ তথা জেষ্ঠ সাংবাদিক শেখৰজ্যোতি দুৱৰী, স্বচ্ছ ভাৰত অভিযান মিছনৰ সমল ব‍্যক্তি দূৰ্গামাধৱ দিহিঙীয়া, ডিমৌ নগৰ সমিতিৰ কনিষ্ঠ অভিযন্তা গৌতম কোঁৱৰ আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে সমূহ  ছাত্ৰ ছাত্ৰী সকল।

সভাত স্বচ্ছতা সম্পৰ্কে আলোচনা কৰা হয়, কি দৰে আমি আমাৰ নগৰখন পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰাখিব পাৰো তাৰ ওপৰত আলোচনা কৰা হয়।

ডিমৌ অঞ্চলৰ ৰাইজে  স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰশাসন আৰু নগৰ সমিতিয়ে সময়ে সময়ে লৈ অহা বিভিন্ন পদক্ষেপক প্ৰশংসা কৰে।