NORTHEAST NOW (Assamese)
অসম

স্বচ্ছ ভাৰত মিশ্যনৰ অধীনত ডিমৌত স্বচ্ছতা সম্পৰ্কত এলানি সজাগতা সভা

Posted by: হিতোজ্জ্বল চেতিয়া February 28, 2018 8:18 am
Demow_Sachata_1

স্বচ্ছ ভাৰত মিশ্যনৰ অধীনত স্বচ্ছতা সম্পৰ্কত সজাগতা অনাৰ উদ্দেশ‍্যে অহা ১৫ মাৰ্চলৈকে এলানি সজাগতা সভাৰ আয়োজন কৰিছে ডিমৌ নগৰ সমিতিয়ে। সেই উদ্দেশ্যে  আজি দুপৰীয়া ডিমৌ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এখন সভা অনুষ্ঠিত হৈ যায়।

সভাখনত ডিমৌ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাং, ব্ৰেণ্ড এম্বেছাদৰ শেখৰজ্যোতি দুৱৰী, ডিমৌ নগৰ সমিতিৰ অভিযন্তা গৌতম কলিতা আদি উপস্থিত থাকি স্বচ্ছতাৰ ওপৰত ব্যক্তব্য আগ বঢ়ায়। সভাত বিদ্যালয়ৰ ছাত্র-ছাত্ৰী, ডিমৌ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে অভিভাৱক সকলো উপস্থিত থাকে ।

Demow_Sachata_2
স্বচ্ছতাৰ সজাগতা সভাত উপস্থিত ছাত্ৰ-ছাত্ৰীৰ একাংশ।

মন কৰিব লগীয়া যে, এই সভাখনত প্ৰায় তিনিশ ছাত্ৰ-ছাত্ৰীয়ে চৌপাশ স্বচ্ছ কৰি ৰখাৰ সংকল্প লয়। ডিমৌ অঞ্চলৰ চুকে-কোণে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰশাসন আৰু নগৰ সমিতিয়ে লোৱা এনে পদক্ষেপক সকলোৱে শলাগ লৈছে।

ডিমৌ নগৰ সমিতিয়ে জানিবলৈ দিয়া মতে, এনেদৰে বিভিন্ন বিদ্যালয়সমূহত স্বচ্ছতা সম্পৰ্কীয় সজাগতামূলক সভা চলি থাকিব।  মুঠ ১৫খন এনেকুৱা সজাগতা সভা আয়োজন কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।