NORTHEAST NOW (Assamese)

স্বচ্ছ সৰ্বেক্ষণ পৰিচ্ছন্নতা বঁটা প্ৰদান কৰিলে গুৱাহাটী পৌৰ নিগমে

January 18, 2018 7:48 pm · এন ই নাও নিউজ
Updated: January 18, 2018 7:51 pm
গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছ সৰ্বেক্ষণ ২০১৮ৰ বিদ্যালয় শিতানত প্ৰথম স্থান লাভ কৰা পানবজাৰ ডনবস্ক' স্কুলে বঁটা গ্ৰহণ কৰাৰ মুহূৰ্ত

ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ উদ্যোগত সমগ্ৰ দেশজুৰি চলি থকা স্বচ্ছ সৰ্বেক্ষণ ২০১৮ ৰ অংশ হিচাপে গুৱাহাটীত পৌৰ নিগমে আজি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানলৈ পৰিচ্ছন্নতাভিত্তিক বঁটাসমূহ প্ৰদান কৰে।

স্বচ্ছ সৰ্বেক্ষণ হৈছে স্বচ্ছ ভাৰত অভিযানৰ বিভিন্ন লক্ষ্যত উপনীত হ’বলৈ ভাৰত চৰকাৰে দেশৰ চহৰসমূহৰ স্বচ্ছতাভিত্তিক সামগ্ৰিক উন্নয়নৰ তদাৰকী কৰাৰ বাবে আয়োজন কৰা এটা অভিলাষী পদক্ষেপ।

গুৱাহাটী পৌৰ নিগমে চহৰখনৰ বিদ্যালয়, হোটেল, চিকিৎসালয়, আবাসিক এলেকা আৰু বজাৰ সন্থাসমূহৰ মাজত কৰা এক বিশেষ সমীক্ষাৰ অন্তত স্বচ্ছ সৰ্বেক্ষণৰ এই পুৰস্কাৰ ঘোষণা কৰা হৈছে।

আৱৰ্জনা পৃথকীকৰণ, নিস্কাষণ, শৌচালয়ৰ অৱস্থা আদি একাধিক বিষয়কলৈ এই সমীক্ষা চলোৱা হৈছিল। এই সমীক্ষাৰ মূল্যায়নৰ ভিত্তিতে বিদ্যালয় শিতানত প্ৰথম স্থান লাভ কৰে পানবজাৰ ডনবস্ক’ স্কুলে। এই শিতানত দি্বতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে নুনমাটিৰ অসম জাতীয় বিদ্যালয় আৰু শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰে।

হোটেল শিতানত প্ৰথম স্থান লাভ কৰে বিভান্ট বাই তাজে। দ্বিতীয় আৰু তৃতীয় স্থানত থাকে ক্ৰমে হোটেল পেলেচিঅ’ আৰু হোটেল ৰেডিচন ব্লু।

চিকিৎসালয় শিতানত প্ৰথম স্থান লাভ কৰে আমিনগাঁৱৰ নাৰায়না ছুপাৰ স্পেচিয়েলিটি হাস্পাতালে। বৰাগাঁৱৰ আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পাতালে দ্বিতীয় স্থান আৰু ছাত্ৰীবাৰী খ্ৰীষ্টীয়ান হাস্পাতালে তৃতীয় স্থান লাভ কৰে।

আৱাসিক কল্যাণ সন্থা শিতানত উলুবাৰীৰ ইনফিনিটি ছিগনেশ্যাৰ ইষ্টেটে আটাইতকৈ পৰিস্কাৰ আৱাসিক এলেকাৰ বঁটা লাভ কৰিছে। দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে বাঘৰবড়ীৰ ছাইন হেভেন আৰু জু’ৰোডৰ স্পেনিছ গাৰ্ডেনে।

স্বচ্ছ সৰ্বেক্ষণে গুৱাহাটীৰ বজাৰবোৰৰ মাজতো সমীক্ষা চলাইছিল আৰু তাৰ ভিত্তিত কাছাৰীঘাট বজাৰ সন্থালৈ আগবঢ়োৱা হৈছে পৰিচ্ছন্নতাৰ প্ৰথম স্থান। দ্বিতীয় স্থান লাভ কৰিছে চানমাৰিৰ আনন্দৰাম বৰুৱা মাৰ্কেটে আৰু তৃতীয় স্থানত আছে উজান বজাৰ।

আজি অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মনালিছা গোস্বামীয়ে কয়,’’এই সমগ্ৰ মূল্যায়ন প্ৰক্ৰিয়াটো আছিল সৰ্বাত্মক পৰিচ্ছনতাকেন্দ্ৰিক আৰু আমি আশা এই স্বীকৃতিয়ে এই খণ্ডসমূহক পৰিচ্ছন্নতাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব আৰু আমাৰ চহৰখনক দেশৰ ভিতৰতে পৰিচ্ছন্ন চহৰ হিচাপে গঢ়ি তোলাত অৰিহনা যোগাব।‘’

আজিৰ বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া, স্বচ্ছ সৰ্বেক্ষণ গুৱাহাটীৰ বিপণন দূত কপিল বৰা আৰু সাগৰিকা গোস্বামীও উপস্থিত আছিল।

Related News