NORTHEAST NOW (Assamese)

স্বতন্ত্ৰ চলচ্চিত্ৰৰ ডিজিটেল প্লেটফৰ্মৰ এম্বেছেডৰ অসমৰ আদিল হুছেইন

May 11, 2018 1:18 pm · এন ই নাও নিউজ
Updated: May 11, 2018 1:25 pm

সমালোচকৰ প্ৰশংসাপ্ৰাপ্ত অভিনেতা আদিল হুছেইন নিৰ্বাচিত হৈছে পিকুৰফ্লিক (PickurFlick) ডট কম নামৰ স্বতন্ত্ৰ চলচ্চিত্ৰৰ ডিজিটেল প্লেটফৰ্মটোৰ এম্বেডৰ হিচাপে। এই ৱেবছাইটটোৱে বাণিজ্য চিনেমা ব্যতিৰেকে স্বতন্ত্ৰ চিনেমাৰ পৃষ্ঠপোষকতা কৰে। চিনেমাৰ কাহিনী, বিষয়বস্তু আদিৰ ওপৰত বিত্তি কৰি এই সমূহৰ প্ৰদৰ্শন আৰু বিতৰণৰ ব্যৱস্থা কৰা হয় বুলি ছাইটটোৰ মুখ্য বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে।

এই প্লেটফৰ্মত ভিলেজ ৰকষ্টাৰ্ছকো অন্তৰ্ভুক্ত কৰা হৈছে বুলি উপদেষ্টা উৎপল বৰপূজাৰীয়ে জনাইছে।

তথ্যচিত্ৰ, কাহিনীচিত্ৰ, ছুটি চিনেমা আদি বিভিন্ন ষ্টুডিঅ ব্যতিৰেকে নিৰ্মিত চিনেমাক ইয়াত প্ৰদৰ্শৰ ব্যৱস্থা কৰা হৈছে আৰু উন্নত মানৰ স্বতন্ত্ৰ চলচ্চিত্ৰৰ বাবে ই এখন মঞ্চ প্ৰদান কৰিব বুলি নতুন দিল্লীত পিকুৰপ্লিক মুখ্য কাৰ্যবাহী বিষয়া অভিষেক সিনহাই প্ৰকাশ কৰিছে।

ব্ৰেণ্ড কনছালটেণ্ট, ফাউণ্ডাৰ আৰু উপদেষ্টা সঞ্জয় সৰমাই কয় যে যে স্বতন্ত্ৰ চিনেমাক এখন মঞ্চ প্ৰদান কৰাৰ বাবে এই প্লেটফৰ্ম মুকলি কৰা হৈছে।

আন এগৰাকী উপদেষ্টা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক উৎপল বৰপূজাৰীয়ে কয় যে মঞ্চবিহীন চলচ্চিত্ৰসমূহক এখন মঞ্চ প্ৰদান কৰাৰ বাবে এইব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই ডিজিটেল প্লেটফৰ্মত দৰ্শকে নিজৰ মতে ঘৰতে বহি নিজৰ পচণ্ডৰ ভাল চিনেমা উপভোগ কৰিব পাৰিব। এনে ধৰণৰ প্লেটফৰ্মে চিনেমাসমূহৰ নিৰ্দিষ্ট দৰ্শকক চিনেমাসমূহ উপভোগ কৰাৰ সুবিধা দিয়েবৰপূজাৰীয়ে মন্তব্য কৰে।

Related News