NORTHEAST NOW (Assamese)

স্বাস্থ্য মন্ত্ৰীৰ দ্বাৰা ছিকিম দন্ত পঞ্জীয়ণ ন্যায়াধিকৰণৰ ৱেবছাইট উন্মোচন

August 2, 2018 8:57 pm · সাগৰ চেত্ৰী
Updated: August 2, 2018 9:18 pm

ছিকিম দন্ত পঞ্জীয়ণ ন্যায়াধিকৰণে (ছিকিম দন্ত স্বাস্থ্য ৰক্ষা পৰিষদ) জনগণৰ সুবিধাৰ্থে এটা ৱেবছাইট উন্মোচন কৰিছে। ছিকিমৰ স্বাস্থ্যৰক্ষা, মানৱ সেৱা, আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অৰ্জুন কুমাৰ ঘাটানিয়ে এই ৱেবছাইটটো উন্মোচন কৰে। এই  উন্মোচনী সভাত ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত আৰু সচিব বিশাল চৌহান আৰু বিভাগৰ অন্যন্য বিষয়াবৰ্গ উপস্থিত আছিল।

এই অনুষ্ঠানত ভাষণ ৰাখি ছিকিমৰ স্বাস্থ্যৰক্ষা, মানৱ সেৱা, আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অৰ্জুন কুমাৰ ঘাটানিয়ে দন্ত চিকিৎসক সম্প্ৰদায়ক অভিনন্দন জ্ঞাপন কৰে আৰু ৰাইজৰ বাবে থকা বিভিন্ন সা সুবিধাৰ কথা বিভাগীয় ৱেবছাইটটোৰ জৰিয়াতে ৰাইজক অৱগত কৰিবলৈ বিভাগটোৰ বিষয়াসকলক আহ্বান জনায়।

এই ক্ষেত্ৰত ছিকিমৰ স্বাস্থ্যৰক্ষা, মানৱ সেৱা, আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডত গ্ৰহণ কৰা বিভিন্ন উদ্যোগৰ বিষয়ে তথ্য প্ৰকাশ কৰে আৰু কয় চলিত বৰ্ষৰ আগষ্টৰ ১ তাৰিখৰ পৰা ছাজঙত নতুনকৈ প্ৰতিষ্ঠা কৰা ফাৰ্মাচি মহাবিদ্যালয়খনৰ পাঠ্যক্ৰম আৰম্ভ হ’ব।

তেওঁ আৰু কয় যে ছিচেইত এখন ১০০০খন বিচনাযুক্ত মাল্টি স্পেচিয়েলিটী হস্পিটেল আৰু নাৰ্ছিং মহাবিদ্যালয়ৰ নিৰ্মাণ অতি সোনকালে সমাপ্ত হ’ব।

Related News